নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংকাত শিক্ষয়িত্ৰী পত্নীক শাৰীৰিক নিৰ্যাতন শিক্ষক স্বামীৰ

নিয়মীয়া বাৰ্তা, ৬  ছেপ্টেম্বৰঃ লংকাত এগৰাকী শিক্ষক স্বামীয়ে নিজৰ শিক্ষক পত্নীক বৰ্বৰ, অমানুষিকভাৱে মাৰপিট কৰি  ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ দৰে এক ঘটনা  শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত পোহৰলৈ আহিছে ।অভিযোগ উল্থাপন হোৱা শিক্ষকৰূপী হ’ল সাৰঙ্গধৰ ৰাজা। লস্কৰপথাৰ এম ই স্কুলত সহকাৰী শিক্ষক (টেট) হিচাপে কৰ্মৰত সাৰঙ্গধৰ ৰাজা। আনাহাতে ভূক্তভোগী শিক্ষয়িত্ৰী গৰাকী হৈছে ২নং পিপলপুখুৰীৰ এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী তথা প্ৰতিষ্ঠিত কবি অজন্তা তামুলীফুকন। সাৰংগধৰ ৰাজা লংকা আঞ্চলিক সাহিত্য সভাৰ উপ-সভাপতি আৰু হোজাই জিলা কবি সন্মিলনৰ সম্পাদকৰ দৰে পদতো অধিষ্ঠিত হৈ আছে। এইগৰাকী শিক্ষক স্বামীয়ে বিয়াৰ পাছৰে পৰা অৰ্থাৎ ২০১২ চনৰে পৰাই শিক্ষক পত্নী অজন্তা তামুলী ফুকনক শাৰিৰীক, মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰিলে স্বয়ং পত্নীয়ে। শেহতীয়াকৈ এটা পুত্ৰ সন্তান জন্ম হোৱা শিক্ষয়িত্ৰী পত্নীক পূৰ্বে সন্তান‌ নোহোৱাৰ বাবে বাঁজি বুলি অভিহিত কৰা মাৰপিত কৰি অহা বুলিও অভিযোগ আনিছে পত্নীগৰাকীয়ে। সমাজ তথা মানুমৰ আগত সন্মানৰ কথা ভাবি আৰক্ষী কাষ চপা নাছিল যদিও কালি কৰা অত্যাচাৰে চুড়ান্ত ৰূপ লয়। সোমবাৰে বিয়লি ২ মান বজাত বৰ্তমান এটা ল’ৰা সন্তানৰ মাতৃ তথা নিজৰ পত্নীক ঘৰৰ পকা মজিয়া মছা ষ্টিলৰ লাঠী‌ৰে আক্ৰমণ কৰাৰ উপৰিও  গছৰ পৰা ডাল ভাঙি সেই ডালেৰে কোবাই বেয়াকৈ মাৰধৰ কৰে। স্বামীৰ মাৰপিটৰৰ ফলত  সমগ্ৰ শৰীৰৰ উপৰিও  গোপন অংগটো গুৰুত্বৰভাৱে  আঘাট‌প্ৰাপ্ত  হয় শিক্ষয়িত্ৰী পত্নীগৰাকী। স্বামীৰ মাৰৰ কোৱত খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈ পৰা পত্নী অজন্তা তামুলী ফুকনে উপায়ন্তৰ হৈ নিজৰ পৰিয়ালৰ সৈতে লংকা আৰক্ষী থানাত উপস্থিত হৈ  শিক্ষক স্বামী সাৰঙ্গধৰ ৰাজাৰ বিৰুদ্ধে সোমবাৰে নিশা এজাহাৰ দাখিল কৰিছে বুলি জানিব দিছে শিক্ষকতাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জৰিত  সাৰঙ্গধৰ ৰাজাৰ, পত্নীৰ প্ৰতি  এনে বৰ্বৰ অত্যাচাৰে লজ্বানত কৰি তুলিছে শিক্ষক সমাজ তথা সচেতন মহলক।
প্ৰেৰক অপূৰ্ব বৰঠাকুৰ
You might also like