নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিবিয়াত মহাপ্রলয় : ২০০০তকৈ অধিক লোকৰ প্রাণহানি

🔹 সন্ধানহীন ১০ সহস্রাধিক

🔹 ঘূর্ণি ডেনিয়েলসৃষ্ট বানত বিধ্বস্ত লিবিয়াৰ পূব প্রান্ত

🔹 বান্ধৰ পানীৰ কোবাল সোঁতে তচনচ কৰিছে চহৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : লিবিয়াত মহাপ্রলয়৷ উত্তৰ আফ্রিকান দেশ লিবিয়াত ঘূর্ণি ডেনিয়েলসৃষ্ট বানত বিধ্বস্ত হৈছে পূব প্রান্তৰ কেইবাখনো প্রদেশ৷ প্রলয়ংকৰী বানত লিবিয়াৰ পূব প্রান্তৰ ডের্ণাসহ কেইবাটাও অঞ্চলত ২০০০তকৈও অধিক লোকৰ প্রাণহানি হৈছে৷ বানে তচনচ কৰা চহৰত ১০ সহস্রাধিক লোক সন্ধানহীন হৈছে৷ ৰাজনৈতিকভাৱে অস্থিৰ দেশ লিবিয়াত ঘূর্ণি ডেনিয়েলসৃষ্ট প্রবল বৰষুণৰ ফলত ডের্ণাসহ কেইবাখনো চহৰত মহাপ্রলয় হয়৷ প্রবল বৰষুণৰ বাবে বান্ধসমূহ ভাগি যোৱাত এই ভগা বান্ধৰ পৰা পানী  বৈ গৈ চহৰসমূহ তচনচ কৰিছে৷ পানীৰ কোবাল সোঁতত উটি–ভাহি গৈছে শ শ বাহন৷ বিধ্বস্ত হৈছে বিশাল বিশাল অট্টালিকা৷ লিবিয়ান নেচনেল আর্মীৰ মুখপাত্র আহমেদ মিছমাৰিয়ে টেলিভিছনযোগে সংবাদ মেল সম্বোধন কৰি কয়- প্রবল বৰষুণৰ বাবে বান্ধসমূহ ভাগি যোৱাৰ ফলত ডের্ণা বিধ্বস্ত হৈ পৰে৷ এই অঞ্চলটোৰ বাসিন্দাসকলক পানীৰ কোবাল সোঁতে উটুৱাই নি সাগৰত বিলীন কৰি দিছে৷ মুখপাত্রগৰাকীয়ে প্রকাশ কৰা মতে, এই অঞ্চলটোতে ৫–৬ হাজাৰ লোক সন্ধানহীন হৈ আছে৷ অঞ্চলটোত ১০০০তকৈও অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ মন কৰিবলগীয়া যে লিবিয়াত ৰাজনৈতিকভাৱে পূব আৰু পশ্চিম অঞ্চল হিচাপে বিভক্ত হৈ আছে৷ ২০১১ চনত নাটো বাহিনীৰ পৃষ্ঠপোষকতাত শাসক মোৱাম্মাৰ গাড্ডাফিক হত্যা কৰাৰ লগতে শাসনৰ দায়িত্বভাৰ আনক গতাই দিয়া হয়৷ ত্রিপ’লীত আন্তর্জাতিকভাৱে স্বীকৃতি দিয়া হয় যদিও লিবিয়াৰ পূব প্রান্ত চৰকাৰৰ নিয়ন্ত্রণত নাই৷ অ’ছামা হামাদ নামৰ পূব প্রান্তৰ সমান্তৰাল শাসনৰ মুৰব্বীজনে প্রকাশ কৰা মতে, বানৰ সংহাৰত অঞ্চলটোত ২০০০তকৈও অধিক লোকৰ মৃত্যু ঘটিছে আৰু কেইবাহাজাৰ লোক সন্ধানহীন হৈ আছে৷ গৃহযুদ্ধৰ পৰিণতিত দেশখনত ৰাজনৈতিক অস্থিৰতাৰ পৰিপ্রেক্ষিতত কোনোধৰণৰ উদ্ধাৰকাৰী দল, প্রশিক্ষিত উদ্ধাৰকাৰী নোহোৱাৰ পৰিপ্রেক্ষিতত বানৰ কবলত পৰা অঞ্চলত উদ্ধাৰ অভিযান চলোৱাত জটিলতাৰ সৃষ্টি হৈছে৷ বিশ্বৰ আন দেশসমূহে প্রাকৃতিক দুর্যোগৰ কবলত পৰা লিবিয়াৰ পূব প্রান্তলৈ সাহায্য প্রেৰণৰ বাবে সাজু হৈ আছে যদিও ৰাজনৈতিক কাৰণতে ই পিছপৰি আছে৷ পূব প্রান্তৰ চহৰসমূহৰ লগতে এই বানৰ কবলত পৰিছে পশ্চিম প্রান্তৰ মিছৰাটাও৷ ইণ্টাৰনেচনেল ফেডাৰেচন অৱ ৰেডক্রছ আৰু ৰেড ক্রেছকেণ্ট ছ’চাইটীছৰ লিবিয়াস্থিত মুৰব্বী তামেৰ ৰামাদানে প্রকাশ কৰা মতে, তেওঁলোকৰ দলে বানৰ কবলত পৰা অঞ্চলত অভিযান চলাই আছে যদিও এতিয়ালৈকে মৃতকৰ সংখ্যা স্পষ্ট নহয়৷ ২০০০তকৈ অধিক লোকৰ মৃত্যু ঘটাৰ লগতে ১০ সহস্রাধিক লোক সন্ধানহীন হৈ আছে৷ এই সংখ্যা অধিক হোৱাটো প্রায় নিশ্চিত৷

You might also like