নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰৰ পৰা অসমৰ লাভ হ’ল ১২ কোটি , কেনেকৈ ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বহু প্ৰতীক্ষিত ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰে খৰচ কৰা ২৩ কোটি টকাত লাভ হ’ল ১২ কোটি টকা । সোমবাৰে অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে ।

অসম চৰকাৰে খৰচ কৰা ২৩ কোটি টকাৰ পৰা পুনৰ ৩৫ কোটি টকা অসমে কেনেকৈ লাভ কৰিলে সেই সম্বন্ধেও সংবাদমেলত উল্লেখ কৰিলে পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । গুৱাহাটীৰ অভিজাত পঞ্চতাৰকা যুক্ত হোটেলৰ মুঠ ৭০০ পৰা ৮০০ টা কোঠা ব্যৱহাৰ কৰাৰ ফলত এইসমূহ টকা লাভ কৰে অসমৰ হোটেলসমূহে । তাৰকা সকলে গুৱাহাটী মহানগৰীত ব্যৱহাৰ কৰা ৫০০খন বিলাসী গাড়ীও অসমীয়া মানুহৰে বুলি উল্লেখ কৰি সেই টকাও যে অসমলৈ আহিছে তাৰ প্ৰসংগও উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে ।

লগতে ফিল্মফেয়াৰৰ যি মঞ্চ সেই মঞ্চও তৈয়াৰ কৰিছে অসমৰ কাৰিকৰে । আনহে নালাগে ফিল্মফেয়াৰৰ স্বেচ্ছাসেৱককে ধৰি ইয়াত ব্যৱহাৰ কৰা শ্ৰমিকসকলো আছিল অসমৰে । অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে হোটেল ,গাড়ী , স্বেচ্ছাসেৱক, কাৰিকৰ, শ্ৰমিক অথবা যিকোনো ধৰণৰ ব্যয়ৰ ক্ষেত্ৰত তেওঁলোকে খৰচ কৰা ৩৫ কোটি টকা লাভ কৰিছে অসমে । এইক্ষেত্ৰত অসমে ফিল্মফেয়াৰত ২৩ কোটি টকা প্ৰদান কৰি লাভ কৰে মুঠ ১২ কোটি টকা ।

You might also like