নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অগপ-বিজেপি মুখপাত্ৰৰ যৌথ সভা

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ আজি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত অগপ আৰু বিজেপিৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ এখনি গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই পৰিচালনা কৰা এই সভাখনত ৰাজ্যিক ভিত্তিত অগপ, বিজেপি আৰু ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কাৰ্য্যৰ লগত জড়িত প্ৰচাৰকসকলৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই অতি কম দিনৰ ভিতৰতে ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰি প্ৰতিদিনে ভাৰ্চুৱেল আলোচনাত মিলিত হৈ দৈনিক কাৰ্য্যপ্ৰণালী নিৰূপণ কৰাত পদক্ষেত গ্ৰহণ কৰিবলৈ ঐকমত্য পোষণ কৰে। সভাই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ গতি ত্বৰান্বিত কৰাত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপসমূহৰ ইতিবাচক প্ৰচাৰ কৰাৰ বাবে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত সক্রিয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই দুয়োটা দলৰ মাজত এই বিষয়ত সমন্বয় ৰক্ষা কৰাৰ উদ্দেশ্যে এক কৰ্মনিৰ্ধাৰণ গোট গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, দিপ্লুৰঞ্জন শৰ্মা, মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মিডিয়া কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি মৰল প্ৰমুখ্যে অন্যান্য মুখপাত্ৰসকলৰ লগতে অগপৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, ভূপেন ৰায়, উপ-সভাপতি দিলীপ পাটগিৰী, সুনীল ডেকা আৰু প্ৰচাৰ সম্পাদক ড০ তপন দাসৰ লগতে মুখপাত্ৰসকল উপস্থিত থাকে।

You might also like