নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢাকাত বিধ্বংসী অগ্নিকাণ্ডত পাঁচশ দোকান ভস্মীভূত

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ঢাকাত এক বিধ্বংসী অগ্নিকাণ্ডত কমেও পাঁচশ দোকান জ্বলি ছাই হয়। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত ৰাজধানী ঢাকাৰ মহম্মদপুৰৰ কৃষি বজাৰত অগ্নিকাণ্ড সংঘটিত হয়। ১৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী এখন এখনকৈ সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ২০খন সোণৰ দোকানসহ পাঁচশখন দোকান জ্বলি ছাই হৈ পৰে। এই ঘটনাত ক্ষতিৰ পৰিমাণ প্ৰায় ২০০-২৫০ কোটি টকা। কৃষি বজাৰখনত শাক-পাচলিৰ দোকানৰ লগতে জোতা-গহনা আদিৰ দোকানো আছিল। অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক (অপাৰেচন এণ্ড মেইণ্টেনেন্স) লেফটেনেণ্ট কৰ্ণেল মহম্মদ তাজুল ইছলামে কয় যে মহম্মদপুৰ কৃষি মাৰ্কেটত অগ্নিনিৰ্বাপক ব্যৱস্থা নাছিল। কেৱল সেয়াই নহয়, বজাৰত নিৰাপত্তাৰক্ষীও নাছিল।
তেওঁ আৰু দাবী কৰে যে বাৰে বাৰে জাননী দিয়াৰ পিছতো উক্ত বজাৰখনত অগ্নিনিৰ্বাপক ব্যৱস্থা উন্নত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। ২০খন সোণৰ দোকানকে ধৰি পাঁচশখন দোকান জ্বলি ছাই হোৱাত ক্ষতিৰ পৰিমাণ ২০০-২৫০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

You might also like