নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ বৰ্ষা ঋতুত কৃষকৰ কৃষিকৰ্ম, ঠাই বিশেষে কেতবোৰ বিভিন্ন সৰু-বৰ প্ৰকৃতিক দূৰ্যোগ আদিৰ পাছতে শৰতৰ আগমন ঘটে ৷ বাৰিষা ফেনেফোটোকাৰে ওফন্দি বলিয়া হৈ থকা নদ-নদী শৰত কালত নিৰ্মল নিস্তব্ধ হ’বলৈ লয় ৷ আৰু সেই নদ-নদীৰ পাৰ, চাপৰি, বিল, পাহৰ, জানজুৰি কাষে কাষে লহপহকৈ সেউজীয়া আবৰণ হৈ থকা কহুঁৱাবোৰে বৰণ সলাই শুকুলা দলিচাৰ দৰে হৈ পৰিছে ৷ ৰিবৰিব মিঠা মলয়াত শুকুলা কহুঁৱা ফুলবোৰে শৰতক যেন হাতবাউলি আদৰি আনিছে ৷ কহুঁৱা ফুলবোৰ বতাহত হালিজালি মধুময় কৰি তুলিছে ৷ প্ৰকৃতিৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ প্ৰকৃতি প্ৰেমি সকলৰ কোনোৱে যদি জানজুৰি, নদী পাৰলৈ ধাপলি মেলিছে, আনকোনোৱে পাহৰৰ টিলালৈ গমন কৰিছে ৷ ইয়াকে লৈ কোনোৱে লিখিছে কবিতা৷ শৰতৰ প্ৰভাতি পুৱা হেঙুলীয়া কিৰণত নিয়ৰসনা শেৱালিত তিৰবিৰাই মুকুতা জিলিকা বিনন্দীয়া ৰূপে উৎসৱ পাৰ্বনৰ পৰিবেশ আনি দিছে। উৎসৱ মানেই শান্তিৰ প্ৰতিক আৰু আনন্দৰ সম্ভাৰ৷ কহুঁৱা ফুলাৰ মনোৰম দৃশ্যই মানুহৰ মনলৈ লৈ আনিছে অফুৰন্ত আশা আৰু প্ৰেৰণাৰ বতৰা। শৰতৰ আগমনৰ পাছতেই লহপহীয়া কহুঁৱাবোৰ অশান্ত হৈ নাচিবাগি নিজকে জাহ গৈ আকৌ নিজৰ সৌন্দৰ্য বিচাৰি আন এক শৰতৰ অপেক্ষাত থাকিবলগীয়া হোৱা এইয়াই প্ৰকৃতি।
প্ৰেৰক মাধুৰ্য দাস