নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সন্ত্রাসবাদীৰ হাতত চীনে তুলিছে অত্যাধুনিক মাৰণাস্ত্র

🔹 ভাৰতৰ বিৰুদ্ধে ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা

🔹 ড্রোনেৰে পাক অধিকৃত কাশ্মীৰলৈ প্রেৰণ কৰিছে অস্ত্র

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰ : ভাৰতৰ বিৰুদ্ধে ভয়াৱহ কূটাঘাতৰ অভিসন্ধি কৰিছে পাকিস্তান মদতপুষ্ট সন্ত্রাসবাদীয়ে৷ পাকিস্তানী এই সন্ত্রাসবাদীবোৰৰ হাতত অত্যাধুনিক মাৰণাস্ত্র তুলি দিছে চীনে৷ অকল অস্ত্রই নহয়, উন্নতমানৰ যোগাযোগ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি নিখুঁত মানচিত্রৰ যোগানো ধৰা হৈছে পাক সন্ত্রাসবাদীবোৰক৷ ভাৰতত অনুপ্রৱেশ কৰি কূটাঘাত চলোৱাৰ ক্ষেত্রত দীর্ঘদিনৰ পৰা পাকিস্তানী সন্ত্রাসবাদীক সহায় কৰি আহিছে আইএছআয়ে৷ ভাৰতীয় চোৰাংচোৱাই ইতিমধ্যে এই তথ্য লাভ কৰিছে৷ বিগত কেইবামাহো ধৰি কাশ্মীৰ আৰু পঞ্জাবৰ দৰে সীমান্তৱর্তী ৰাজ্যসমূহৰ পৰা ভাৰতৰ মাটিত অনুপ্রৱেশৰ চেষ্টা চলাই আহিছে পাক মদতপুষ্ট সন্ত্রাসবাদীয়ে৷ সেনাৰ সৈতে ধাৰাবাহিক সংঘর্ষতো জড়িত হৈ পৰিছে সন্ত্রাসবাদী৷ শেহতীয়াকৈ চোৰাংচোৱা সূত্রৰ উদ্ধৃতি দি এটা সংবাদ সংস্থাই সদৰী কৰিছে যে পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰলৈ চীনৰ পৰা ড্রোনেৰে প্রেৰণ কৰা হৈছে অস্ত্র৷ ভাৰতীয় চোৰাংচোৱাৰ হাতত পৰা তথ্য অনুসৰি, আইএছআয়ে দীর্ঘদিন ধৰি সন্ত্রাসবাদীৰ হাতত অত্যাধুনিক অস্ত্র–শস্ত্র তুলি দিয়াৰ অভিসন্ধি কৰি আহিছে৷ সেইবাবে চীনৰ দ্বাৰস্থ হৈছে কুখ্যাত পাক চোৰাংচোৱা সংস্থা আইএছআই৷ দেশখনৰ পৰা ইতিমধ্যে পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিবিৰলৈ ড্রোনেৰে পিষ্টল, গ্রেনেড তথা বিস্ফোৰক সামগ্রী প্রেৰণ কৰা হৈছে৷ ড্রোনৰ জৰিয়তে বিভিন্ন অত্যাধুনিক সৰঞ্জাম সন্ত্রাসবাদীয়ে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে৷ চীনে পাক সন্ত্রাসবাদীবোৰৰ হাতত অকল অস্ত্রই নহয়, ডিজিটেল মেপ, দিক নির্ণায়ক যন্ত্র আদিও অর্পণ কৰিছে৷ সীমান্ত এলেকাৰ নিৰীক্ষণ ব্যৱস্থা অতিক্রম কৰি ভাৰতৰ মাটিত কেনেদৰে অনুপ্রৱেশ কৰিব পৰা যাব, সেই সন্দর্ভত অত্যাধুনিক মানচিত্রবোৰ লাভ কৰিছিল সন্ত্রাসবাদীয়ে৷ ইয়াৰ উপৰি চীনে পাক সন্ত্রাসবাদীলৈ প্রেৰণ কৰিছে উন্নতমানৰ যোগাযোগ ব্যৱস্থা৷ পাক অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত থকা এজেণ্টবোৰৰ সৈতে যোগাযোগ কৰিবলৈ বিশেষ প্রযুক্তি ব্যৱহাৰ কৰিব সন্ত্রাসবাদীয়ে৷ লক্ষণীয় যে ভাৰতীয় চোৰাংচোৱাৰ নজৰদাৰী ব্যৱস্থাক ধূলি দিবলৈ চীনে শেহতীয়াকৈ পাক সন্ত্রাসবাদীক বিভিন্ন প্রকাৰে সহায় কৰা বুলি চোৰাংচোৱাই সতর্ক কৰিছে৷ এই সন্দর্ভত ভাৰতীয় চোৰাংচোৱাই বিভিন্ন তথ্য লাভ কৰাৰ পিছতে গৃহ মন্ত্রালয়ক এই সন্দর্ভত সবিশেষ জনোৱা হৈছে৷

You might also like