নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–কানাডাৰ কূটনৈতিক সংঘাত

অষ্ট্রেলিয়াৰ ছাৰেৰ গুৰুনানক শিখ গুৰুদ্বাৰৰ সভাপতি তথা খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰাক লৈ ভাৰত আৰু কানাডাৰ মাজত কূটনৈতিক সংঘাত আৰম্ভ হৈছে৷ কানাডাৰ খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী, খালিস্তানী সন্ত্রাসবাদী হিচাপে চর্চিত হৰদ্বীপ সিং নিজ্জৰৰ হত্যাকাণ্ডত ভাৰত আৰু কানাডাৰ মাজৰ সম্পর্কত চৰম অৱনতি ঘটিছে৷ কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডই দেশখনৰ সংসদত যোৱা সোমবাৰে খালিস্তানী নেতা হৰদ্বীপ সিং নিজ্জৰৰ হত্যাৰ সৈতে ভাৰতীয় এজেণ্ট জড়িত থকা বুলি মন্তব্য কৰে৷ কানাডাৰ ৰাষ্ট্রীয় নিৰাপত্তা বিষয়াই নিজ্জৰৰ হত্যাত ভাৰতৰ এজেণ্ট জড়িত থকা বুলি বিশ্বস্ত তথ্য লাভ কৰাৰ পিছতে প্রধানমন্ত্রীগৰাকীয়ে সংসদত এই অভিযোগ ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰে৷ কানাডাৰ প্রধানমন্ত্রীৰ এই অভিযোগক ভাৰত চৰকাৰে কঠোৰ ভাষাৰে নস্যাৎ কৰি এনেধৰণৰ বক্তব্যক গৰিহণাও জনাইছে৷ খালিস্তানী নেতা নিজ্জৰৰ হত্যাকাণ্ডক লৈ ভাৰত আৰু কানাডাৰ মাজত সম্পর্কত অৱনতি ঘটাৰ সময়তে কানাডাত ঘৃণাজনিত অপৰাধক লৈ উদ্বিগ্ণ হৈ পৰিছে ভাৰত৷ এই লৈ উদ্বিগ্ণ ভাৰতে কানাডাত থকা ভাৰতীয় নাগৰিক আৰু শিক্ষার্থীসকলক সচেতন হৈ থাকিবলৈ পৰামর্শমূলক জাননী জাৰি কৰিছে৷ কানাডাত ৰাজনৈতিকভাৱে জড়িত অপৰাধ আৰু ভাৰতবিৰোধী কার্যকলাপ, অপৰাধমূলক হিংসা বর্ধিত হোৱাৰ প্রতি লক্ষ্য ৰাখি বৈদেশিক মন্ত্রালয়ে কানাডাৰ ৰাজধানী অটোৱাকে ধৰি বিভিন্ন প্রান্তত থকা ভাৰতীয় নাগৰিকসকলক সজাগ হৈ থাকিবলৈ নির্দেশ দিছে৷ বিতর্কিত খালিস্তানী নেতা নিজ্জৰৰ হত্যাকাণ্ডত ভাৰতক সাঙুৰি লোৱা সন্দর্ভত নতুন দিল্লীয়ে দেশখনৰ চৰকাৰক গৰিহণা জনোৱাৰ লগতে দেশখনত থকা ৯ সন্ত্রাসবাদী সংগঠনৰ ঘাটি থকা কানাডাক কিয় তেওঁলোকে এই সন্ত্রাসবাদী সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা নাই, সেই সন্দৰ্ভত প্রশ্ণ উত্থাপন কৰিছে৷ খালিস্তানীপন্থী সংগঠন ৱর্ল্ড শিখ অর্গেনাইজেচন (ডব্লিউএছঅ’), খালিস্তান টাইগাৰ ফোর্চ (কেটিএফ), শিখছ ফৰ জাষ্টিচ (এছএফআই) আৰু বাবৰ খালছা ইণ্টাৰনেচনেল (বিকেআই)কে ধৰি ৯টা সংগঠনে কানাডাৰ ভূমিৰ পৰা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সহযোগত ভাৰতবিৰোধী কার্যকলাপ সংঘটিত কৰি আহিছে বুলি দাবী কৰি নতুন দিল্লীয়ে ইয়াৰ বিৰুদ্ধে কিয় দেশখনে ব্যৱস্থা গ্রহণ কৰা নাই, তাৰ বাবে সমালোচনা কৰিছে৷
বিতর্কিত খালিস্তানী সন্ত্রাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডক লৈ সম্প্রতি কানাডাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দেশখনৰ বিৰোধী সাংসদে এই হত্যাকাণ্ড সন্দর্ভত ভাৰতৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণৰ দাবী তুলিছে প্রধানমন্ত্রী ট্রুডক৷ এই দাবীৰ পৰিপ্রেক্ষিতত প্রধানমন্ত্রীগৰাকী চাপত পৰিছে৷ গ্রেট ব্রিটেইনৰ শিখ সাংসদেও এই সন্দর্ভত কঠোৰ স্থিতি গ্রহণৰ দাবী তুলিছে৷ মন কৰিবলগীয়া যে নতুন দিল্লীত ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত জি–২০ শীর্ষ সন্মিলনত অংশ ল’বলৈ অহা কানাডাৰ প্রধানমন্ত্রীগৰাকীয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত খালিস্তানী নেতা নিজ্জৰৰ হত্যাকাণ্ডৰ বিষয়টো উত্থাপন কৰিছিল যদিও প্রধানমন্ত্রী মোদীয়ে এই অভিযোগ খণ্ডন কৰিছিল৷ এই হত্যাকাণ্ডই সৃষ্টি কৰা কূটনৈতিক সংঘাতৰ ফলত কানাডাই ভাৰতৰ ৰিছার্চ এণ্ড এনালাইছিছ উইং (আৰ এ ডব্লিউ)ৰ মুৰব্বী জ্যেষ্ঠ ভাৰতীয় কূটনৈতিকজনক পাঁচ দিনৰ ভিতৰত কানাডা এৰিবলৈ নির্দেশ দিছিল৷ নতুন দিল্লীয়ে কানাডাৰ ভাৰতস্থিত ৰাষ্ট্রদূতক এই সন্দর্ভত চমন জাৰি কৰিছে৷ দুই দেশৰ মাজত কূটনৈতিক সংঘাত বৃদ্ধি পোৱাৰ সময়তে কানাডাস্থিত ভাৰতীয় হিন্দুসকলক স্বদেশলৈ উভতি যাবলৈ খালিস্তানীপন্থী সংগঠনে ভাবুকি দিছে৷ ছ’চিয়েল মিডিয়াযোগে এছ এফ আইৰ নেতাই কানাডাত থকা ভাৰতীয় হিন্দুসকলক স্বদেশলৈ উভতি যাবলৈ সকীয়নি দিয়াৰ পিছতে নতুন দিল্লীৰ উদ্বিগ্ণতা বৃদ্ধি পাইছে৷ কানাডাৰ পৰিস্থিতিক লৈ প্রধানমন্ত্রী মোদীৰ সৈতে বৈঠকত মিলিত হৈছে বৈদেশিক মন্ত্রী এছ জয়শংকৰ৷ ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী খালিস্তানী নেতা, কানাডাৰ নাগৰিক নিজ্জৰৰ হত্যাকাণ্ডত কানাডা–ভাৰতৰ মাজত কূটনৈতিক সংঘাত কিমান দূৰলৈ সম্প্রসাৰণ হয়, সেয়া চিন্তনীয় বিষয়৷

You might also like