নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়ান গেমছত ভাৰতৰ পতাকা কঢ়িয়াব লাভলীনাই

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : অলিম্পিকত পদক জয় কৰি অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁয়ে পুনৰ গৌৰৱান্বিত কৰিবলৈ আগবাঢ়িছে৷ তাৰকা মহিলা বক্সাৰগৰাকীয়ে ২৩ ছেপ্টেম্বৰৰ পৰা চীনৰ হাংজৌত আৰম্ভ হ’বলগীয়া এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা কঢ়িয়াব৷ তেওঁৰ লগতে এই সন্মানজনক দায়িত্ব লাভ কৰিছে ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক হৰমনপ্রীত সিঙে৷ ভাৰতীয় অলিম্পিক সন্থাই এই বৃহৎ সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে ইতিমধ্যে ভাৰতীয় খেলুৱৈসকলে এছিয়ান গেমছত অভিযান আৰম্ভ কৰিছে৷ প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ পূর্বেই ৰয়িং, ছেইলিং, ফুটবল, ক্রিকেট আৰু হকী ইভেণ্ট আৰম্ভ হৈছে৷ ২০২০ চনৰ টকিঅ’ অলিম্পিকত লাভলীনাই ৬৯ কেজি মহিলাৰ ৱেল্টাৰ ৱেইট শাখাত ব্রঞ্জৰ পদক অর্জন কৰিছিল৷ মেৰীকম আৰু বিজেন্দৰ সিঙৰ পিছত ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে লাভলীনাই অলিম্পিত পদক অর্জন কৰিছিল৷ আনহাতে, ২০২৩ চনত তেওঁ মহিলাৰ মিডল ৱেইট শাখাত বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰে৷ আনহাতে, পুৰুষ হকী দলৰ অধিনায়ক হিচাপে দায়িত্ব লাভ কৰিছে হৰমনপ্রীতে৷ আসন্ন এছিয়ান গেমছত ভাৰতৰ মুঠ ৬৫৫গৰাকী এথলীটে প্রতিদ্বন্দ্বিতা কৰিব৷ ভাৰতীয় দলৰ ছেফ দ্য মিছন ভূপিন্দৰ সিং বাজৱাই কয় যে এইবাৰ এছিয়ান গেমছত হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু বক্সাৰ লাভলীনা বৰগোহাঁয়ে ভাৰতীয় দলৰ পতাকা কঢ়িয়াব৷ ২০১৮ চনত তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই এই সন্মান লাভ কৰিছিল৷

You might also like