নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলাৰৰ সিংহাসনত মহম্মদ ছিৰাজ

🔹 একে জাঁপে এদিনীয়া ৰেংকিঙৰ শীর্ষত

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : এছিয়া কাপৰ ফাইনেলত শ্রীলংকাৰ বিৰুদ্ধে ৬ উইকেট দখলৰ পুৰস্কাৰ লাভ কৰিলে মহম্মদ ছিৰাজে৷ আইচিচিৰ সদ্যপ্রকাশিত এদিনীয়া ক্রম তালিকাত এক নম্বৰ বলাৰৰ সন্মান লাভ কৰিছে তেওঁ৷ ইয়াৰ পূর্বে ক্রম তালিকাৰ নৱম স্থানত আছিল ছিৰাজ৷ তেওঁ শীর্ষস্থানলৈ উন্নীত হোৱাত দ্বিতীয় স্থানলৈ অৱনমিত হয় অষ্ট্রেলিয়ান পেছাৰ জ’ছ হেজলউড৷ এছিয়া কাপৰ ফাইনেলত ৬টা উইকেট দখল কৰাৰ পিছত ৰেটিং পইণ্ট বৃদ্ধি পাইছে ছিৰাজৰ৷ ফলত একে জাঁপতে শীর্ষস্থানলৈ উন্নীত হয় তেওঁ৷ ছিৰাজৰ ৰেটিং পইণ্ট ৬৯৪৷ দ্বিতীয় স্থানত থকা হেজলউডৰ পইণ্টৰ পৰিমাণ ৬৭৮৷ তিনি নম্বৰত আছে নিউজিলেণ্ডৰ ট্রেণ্ট বল্ট৷ তেওঁৰ পইণ্টৰ পৰিমাণ ৬৭৭৷ চাৰি আৰু পাঁচ নম্বৰত আছে আফগানিস্তানৰ দুই স্পীনাৰ মুজিবৰ ৰহমান আৰু ৰছিদ খান৷ বলাৰৰ তালিকাত প্রথম ১০টা স্থানত আছে আন এগৰাকী ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱ৷ এছিয়া কাপত শৃংখলাৰ শ্রেষ্ঠ পুৰস্কাৰ লাভ কৰিছে তেওঁ৷ তৎসত্ত্বেও তিনিটা স্থান অৱনমিত হৈ নৱম স্থান লাভ কৰে কুলদীপে৷ কুলদীপৰ পইণ্টৰ সংখ্যা ৬৩৮৷ আঘাতৰ পৰা ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটোৱা যশপ্রীত বুমৰাহে লাভ কৰে ২৭সংখ্যক স্থান৷ এছিয়া কাপত উন্নত প্রদর্শন দাঙি ধৰা বেটাৰৰ তালিকাত এটা স্থান উন্নীত কৰি নৱমত উপনীত হৈছে বিৰাট কোহলি৷ দশম স্থানত আছে অধিনায়ক ৰোহিত শর্মা৷ প্রথম ১০ত স্থান লাভ কৰিছে আন এগৰাকী ভাৰতীয় শুভমন গিলে৷ দ্বিতীয় স্থানত থকা শুভমনে শীর্ষত থকা পাকিস্তানৰ বাবৰ আজমৰ সৈতে তীব্র প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ অলৰাউণ্ডাৰৰ তালিকাত প্রথম ১০ত আছে ভাৰতৰ একমাত্র প্রতিনিধি হার্দিক পাণ্ডিয়া৷ ৬ নম্বৰ স্থান লাভ কৰিছে হার্দিকে৷

You might also like