নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰ : বিহালীত বনৰীয়া হাতীৰ উপদ্ৰৱ নতুন কথা নহয়। আজি 15-20 বছৰ ধৰি বিহালীৰ দক্ষিণাঞ্চলৰ গাঁওসমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। কেতিয়াবা খেতিপথাৰ অনিষ্ট আৰু কেতিয়াবা ঘৰ-দুৱাৰ ভাঙি অনিষ্ট সাধন কৰিছে বনৰীয়া হাতীয়ে। যোৱানিশাও বিহালী বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অহা এটা বনৰীয়া হাতীৰ জাকে বিহালীৰ দক্ষিণাঞ্চলৰ বেঙ্গাবাৰী, জামুৱনী, চেনিমাৰী আৰু ঢেকেৰা পথাৰত ধান খাই আৰু গচকি অনিষ্ট সাধন কৰিছে। বিগত কেইদিনমানৰ পৰা বিহালীৰ বাঁহবাৰী, নকোনীয়া, বৰবিল, মাজগাঁও আদিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে কালি ধাননি পথাৰত সোমাই খেতি অনিষ্ট কৰাৰ বাবে খেতিয়কসকল চিন্তিত হৈ পৰিছে। বহু কষ্টেৰে কৰা  ধান খেতিৰ অনিষ্ট সাধন হোৱাত ৰাইজে বন বিভাগক সমালোচনা কৰিছে। বন বিভাগে হাতী-মানুহৰ সংঘাতৰ ওপৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। অলপতে বিহালীৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীন ছ’চাইটীয়ে বিহালীত হাতীৰ সমস্যা সমাধানৰ বাবে বিশ্বনাথৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতিৰ দ্বাৰা মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীলৈ স্মাৰক-পত্ৰ ‌প্ৰেৰণ কৰিছিল।
প্ৰেৰক ভুবন লুইটেল
You might also like