🔹 মাৰ্ঘেৰিটাত অগপৰ কৰ্মীসভাত অতুল বৰা-কেশৱ মহন্ত
🔹 অগপ শক্তিশালী হ’লে শক্তিৱান হ’ব অসম
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : ”অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা।”- এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ ৷ আজি মাৰ্ঘেৰিটাত উপস্থিত হয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুস্থিত হোৱা এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৷ বিশেষকৈ নৱগঠিত জিলা সমষ্টিসমূহক অধিক শক্তিশালী কৰা দলৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে সভাপতি অতুল বৰাই ৷ অসম গণ পৰিষদ দলে ৰাজ্যৰ আগন্তুক পঞ্চায়ত আৰু লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি তিনিচুকীয়া জিলাৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত তিনিচুকীয়া জিলা সমিতিৰ সহযোগত, অসম গণ পৰিষদ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উদ্যোগত লোকসভা সমষ্টিভিত্তিক এখনি বিশাল কৰ্মীসভা অনুষ্ঠিত কৰে। সন্মিলনখনত সভাপতিত্ব কৰে দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্রী অতুল বৰাই।
তিনিচুকীয়া জিলাৰ সমষ্টিসমূহৰ সভাপতি, সম্পাদক, জিলা পৰিষদ, আঞ্চলিক পৰিষদ প্ৰমুখ্য কৰি বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে ভাতৃ-ভগ্নী সংগঠনসমূহৰ সদস্যসকলো উপস্থিত থাকে। সভাত অনাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হয়। দলৰ সভাপতিগৰাকীয়ে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় কৰ্মকৰ্তাসকলক জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠা আৰু সমৰ্পিত মনোভাবেৰে আগবাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে দললৈ আৰু অধিক ডেকা তেজৰ আগমন ঘটাবলৈ বদ্ধপৰিকৰ বুলি বক্তব্য ৰাখে। মন্ত্ৰী বৰাই কংগ্ৰেছৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা মাহীআইৰ দৃষ্টিৰ আজিও পৰিৱৰ্তন নহ’ল বুলি বিষোদগাৰ প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ কংগ্রেছ এতিয়া অস্তমিত সূৰ্য বুলি উল্লেখ কৰি কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ পৰা অসমৰ ৰাজ্যিক নেতৃত্বলৈ ৰাইজৰ লগত ন্যূনতম জনসংযোগ নোহোৱাৰ বিষয়টো দাঙি ধৰি কংগ্রেছক গণবিচ্ছিন্ন-হতাশাগ্রস্ত দল বুলি অভিহিত কৰে। দলৰ কৰ্মকৰ্তাসকলক উত্তৰ-পূববিৰোধী কংগ্রেছ দলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ সভাপতিগৰাকীয়ে উদাত্ত কন্ঠে আহ্বান জনায়। সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে কৰ্মীসকলৰ কৰ্মস্পৃহা আৰু পৰিকল্পনাৰ ওপৰতেই দলৰ সফলতা নিৰ্ভৰ কৰে। আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলে আশানুৰূপ ফলাফল দেখুওৱাৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যক এতিয়াৰে পৰা একাগ্ৰতাৰে কাম-কাজত আত্মনিয়োগ কৰিবলৈ আৰু সন্মুখলৈ অহা প্ৰত্যাহ্বানকো নেওচি প্ৰতিজন দলীয় বিষয়ববীয়া, সদস্যক নিৰন্তৰভাৱে দলৰ পৰিকাঠামো সুদৃঢ় কৰিবলৈ কাৰ্যকৰী সভাপতি মহন্তই আহ্বান জনায়। আজিৰ সভাত অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, সম্পাদকসকলৰ লগতে বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। সভাত দলে সাংগঠনিক দিশটো অধিক টনকিয়াল কৰাৰ উদ্দেশ্যে কিছু বিশেষ কৰ্মসূচী ঘোষণা কৰে। উক্ত কৰ্মসূচী অনুসৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান পৰিষদৰ মণ্ডল পৰিষদ আৰু পঞ্চায়ত পৰিষদসমূহ তথা ৱাৰ্ড পৰ্যায়ত সাংগঠনিক সভা-সমিতি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। আনহাতে, বজালী জিলা গঠন সন্দৰ্ভত কেবিনেটে গঠন কৰি দিয়া তিনিজনীয়া উপ-সমিতিয়ে অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ বাবে প্ৰস্তুত থকা বুলি মত প্ৰকাশ কৰাৰ লগতে জিলাখনৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ সৈতে ১৫ দিনৰ ভিতৰত মত বিনিময় কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে অতুল বৰাই। আজিৰ অগপৰ কৰ্মীসভাই তিনিচুকীয়া জিলাত অগপৰ আঞ্চলিকতাবাদী ভেটি শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰিছে দলটোৰ নেতৃত্বই। আজিৰ সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰা কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য সঞ্জীৱ বৰাৰ নেতৃত্বত অনুষ্ঠিত কৰ্মীসভাখনৰ আৰম্ভণিতে দলৰ পতাকা উত্তোলন কৰে অগপৰ মাৰ্ঘেৰিটা বিধান পৰিষদৰ সভাপতি প্ৰদীপ গগৈয়ে। সমাজত ভক্তিচেতনাৰ নিজৰা বোৱাই যোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনাদৰ্শ প্ৰতিজন অসমীয়াৰ বাবেই প্ৰেৰণাৰ উৎস।
গুৰুজনাৰ ৫৭৫সংখ্যক জন্মোৎসৱৰ আজিৰ পৱিত্ৰ দিনটোত কৰ্মীসভাৰ মঞ্চত উপৱিষ্ট হোৱাৰ পূৰ্বে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা আৰু কেইবাগৰাকীও সতীৰ্থৰ সৈতে উত্তৰ মাৰ্ঘেৰিটা নামঘৰত উপস্থিত হৈ গুৰুজনাৰ শ্ৰীচৰণত প্ৰণিপাত জনোৱাৰ উপৰি ৰংগমঞ্চৰ সন্মুখত থকা শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনায় অগপৰ নেতৃত্বই।
প্ৰেৰক মানস প্ৰতিম গগৈ