নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্মান্তৰকৰণ-লাভ জেহাদক লৈ গভীৰ উদ্বেগ আৰএছএছপ্ৰধানৰ

বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। সংঘৰ বিষয়াসকলক নিৰ্দেশ দিওঁতে এই দুয়োটা বিষয় ৰাইজৰ আগত আগ্ৰাসীভাৱে উত্থাপন কৰিব লাগে আৰু ইয়াক ৰোধ কৰাটো নিশ্চিত কৰিব লাগে বুলি কয় তেওঁ। সংবাদ সংস্থা পিটিআইৰ মতে, লক্ষ্ণৌত এখন বৈঠকৰ সময়ত মোহন ভাগৱতে আৰএছএছৰ কৰ্মীসকলৰ আগত কয়, “ধৰ্মান্তৰকৰণৰ বিপদ গ্ৰামাঞ্চলত বেছি, যিটো অতিশয় চিন্তাৰ কাৰণ। বিশেষকৈ যিবোৰ ক্ষেত্ৰত জাতীয় বিৰোধী আৰু অসামাজিক উপাদান সক্ৰিয় আছিল, সেইবোৰত আমি গুৰুত্ব দিব লাগিব।” উল্লেখ্য যে লক্ষ্ণৌত চাৰিদিনীয়া ভ্ৰমণত আছে মোহন ভাগৱত। সংগঠনটোৰ কাম-কাজ বৃদ্ধি কৰাৰ সমান্তৰালকৈ গ্ৰামাঞ্চলত বিশেষকৈ অসামাজিক আৰু জাতীয়বিৰোধী উপাদান সক্ৰিয় হৈ থকা অঞ্চলত লাভ জেহাদ আৰু ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে জনজাগৰণ অভিযান চলোৱাৰ কাম কৰা হ’ব। মোহন ভাগৱতে কয়, ‘লাভ জেহাদ আৰু ধৰ্মান্তৰকৰণ বন্ধ কৰিবলৈ সমাজখনক সজাগ কৰাটো প্ৰয়োজনীয়। সংঘৰ শাখাবোৰ য’তেই যায় তাতেই এনে সমস্যাৰ অন্ত পৰে স্বয়ংক্ৰিয়ভাৱে। সেয়ে আমি প্ৰতিটো শিতান আৰু অঞ্চলত উপস্থিত হ’ব লাগিব।” তেওঁ আৰু কয়, “সংঘৰ কৰ্মীসকলৰ দায়িত্ব সৰ্বোচ্চ, তেওঁলোকে নিজেই হিন্দুসকলৰ মাজত ধৰ্মান্তৰকৰণৰ কথা ক’ব লাগে আৰু তেওঁলোকক সজাগ কৰিব লাগে। প্ৰথমে সকলোকে সজাগ কৰা। সংঘাতৰ পৰিৱৰ্তে আলোচনাৰ পথ বাছি লওক যাতে সংঘক লৈ অপ্ৰয়োজনীয় বিতৰ্কৰ সৃষ্টি নহয়।” আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে ধৰ্মান্তৰকৰণৰ প্ৰতিটো গোচৰৰ ওপৰত গভীৰভাৱে গৱেষণা কৰিব লাগে। কাৰণ জানিলেহে সমাধান সম্ভৱ।

You might also like