নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰ : ঢকুৱাখনা মহকুমাৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ঢকুৱাখনা বি.এড কলেজৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।১৯৯৮ চনতে স্থাপিত হোৱা ঢকুৱাখনা বি.এড কলেজৰ ৬ অক্টোবৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হ’ব গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান। ইতিমধ্যে পূৰ্ণানন্দ গগৈক সভাপতি পূৰ্ণ লাহন, মিঠাৰাম চেতিয়া, হেম বৰুৱা, হেমেশ্বৰ পেগুক উপ-সভাপতি ডঃ প্ৰদীপ চন্দ্ৰ বৰাক সম্পাদক আৰু চন্দ্ৰজিত শইকীয়াক সহ: সম্পাদক হিছাপে লৈ গঠন কৰা উদযাপন সমিতিৰ নেতৃত্বত ২৫খনৰো অধিক উপ-সমিতিয়ে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে৷ ৰূপালী জয়ন্তী সামৰণী অনুষ্ঠানৰ প্ৰথম দিনৰ অৰ্থাৎ ৬ অক্টোবৰৰ পুৱা মহাবিদ্যালয়ৰ প্রশিক্ষার্থী একতা সভাৰ উদ্যোগত পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ অনুষ্ঠানত ৰোপক হিচাপে অংশ ল’ব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে, মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ চন্দ্ৰ বৰাই, ৰূপালী জয়ন্তীৰ পতাকা উত্তোলন কৰিব ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি পূর্ণানন্দ গগৈয়ে। ইয়াৰ পিছতে প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলৰ অনুদানেৰে নিৰ্মিত বাহন আস্থান উন্মোচন কৰিব শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে। দুপৰীয়া মঞ্চ উদ্বোধন কৰিব ঢকুৱাখনা মহাবিদ্যালয় সহযোগী অধ্যাপক সেৱক চন্দ্র চুতীয়াই ৷ দুপৰীয়া আৰম্ভ হ’ব ‘নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ : প্রত্যাহ্বান আৰু প্ৰত্যাশা’ শীৰ্ষক আলোচনা সত্র। লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্রখনিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পংকজ বৰাই আলোচক হিচাপে অংশগ্ৰহণ কৰিব। দ্বিতীয় দিনা প্ৰাক্তন প্ৰশিক্ষাৰ্থী, বৰ্তমানৰ প্ৰশিক্ষাৰ্থী সকলক লৈ অনুষ্ঠিত হ’ব ‘পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শিক্ষার্থীক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষক, অভিভাৱক আৰু সমাজৰ দায়িত্ব’ শীৰ্ষক দ্বিতীয়খন আলোচনা সত্র।মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্রখনিত আলোচক হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকা, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)উপাধ্যক্ষ বাণীকান্ত কোঁৱৰ ৷ বিয়লি ৰূপালী জয়ন্তীৰ উপলক্ষে প্ৰকাশ হ’বলগীয়া স্মৃতিগ্ৰন্থ ‘ৰূপালী বৈভৱ’ উন্মোচন কৰিব গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ড° উপেন ৰাভা হাকচামাই। বিয়লিলৈ প্রাক্তন প্রশিক্ষার্থী সম্মিলনৰ সভাপতি দুলু শইকীয়াৰ সঞ্চালনাত প্রাক্তন প্রশিক্ষার্থীসকলৰ অন্তৰঙ্গ আলাপ। তৃতীয় দিনা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰা উদ্বোধন কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে ৷ বিয়লি অনুষ্ঠিত হ’ব মুকলি সভা।মুকলি সভা উদ্ধোধন কৰিব ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কার্তিক কলিতাই ৷ মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ পৰিদৰ্শক ড° ৰূপম শইকীয়া, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, ৰাজ্য সভাৰ সাংসদ ড° ৰাণী নৰহ, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাৰ লগতে বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকিব৷ সন্ধিয়ালৈ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে ‘পৰশুৰামৰ গুৰুদক্ষিণা সহস্রার্জুন বধ’ ভাওনা প্রদর্শন কৰিব ৷ ৰূপালী জয়ন্তীৰ তিনিওটি দিনৰ কাৰ্যসূচীত ঢকুৱাখনাবাসীৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা