নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱৰ অতি ৰুদ্ৰ মহাযজ্ঞত সপত্নীক মুখ্যমন্ত্ৰীৰ আহুতি প্ৰদান

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ  আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত চলি থকা অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানৰ আজি পঞ্চম দিনাও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে যজ্ঞত আহুতি দিয়ে। যোৱা তিনিটা দিনতো মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালসহ যজ্ঞাহুতি দি আশিস ললে দেৱাদিদেৱ শিৱ মহাদেৱৰ। শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে যজ্ঞত ভাগ লৈছিল। মন্ত্ৰী বিমল বৰা, বিধায়ক পৰমানন্দ ৰাজবংশী, গুৱাহাটীৰ পৰিবহণ বিষয়া গৌতম দাস, বিজেপিৰ প্ৰাক্তন অসম ৰাজ্যিক সাংগঠনিক  সম্পাদক ফণীন্দ্ৰ শৰ্মা আদি কেইবাগৰাকীও বিশিষ্ট নাগৰিকৰ  সমাগম হৈছিল। উল্লেখ্য যে সাতদিনীয়াকৈ অনুষ্ঠিত অতিৰুদ্ৰ মহাযজ্ঞৰ আজি পঞ্চম দিন। আজি যজ্ঞত আশিস গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ স্বৰ্গগত মাতৃৰ খবৰ লবলৈ  বেজেৰাস্থিত বাসভৱনলৈ যায় মুখ্যমন্ত্ৰীগৰাকী। আজি যজ্ঞত উপস্থিত হৈছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহল আৰু যোগেন মহন, প্ৰাক্তন সাংসদ ৰমেন ডেকা, গুৱাহাটীৰ পৰিবহণ বিষয়া গৌতম দাস আৰু বেহাৰবাৰী আউট পোষ্ট ছিৰিয়েলৰ মোহন খ্যাত দীপজ্যোতি কেওট। উল্লেখযোগ্য যে অতিৰুদ্ৰ মহাযজ্ঞত আজি গধূলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে আহুতি দিয়ে। তেওঁক সংগ দিয়ে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু ৰাজ্যিক কিষাণ মৰ্চাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যই।

প্ৰেৰক মুনীন ডেকা

You might also like