নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিঙত ৭৪টা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ : দুজনক আটক

নিয়মীয়াবাৰ্তা,  ২৬ ছেপ্টেম্বৰ : ভাৰতীয় ৰেলৰ জৰিয়তে সোণ, ড্ৰাগছ, বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি থকাৰ সময়তে এইবাৰ ৰেলত বন্যপ্ৰাণী সৰবৰাহ । যোৱানিশা লামডিং ৰেল ষ্টেচনৰ ৰেলৱে সুৰক্ষা বাহিনী (RPF) আৰু আৰ পি এফৰ বিশেষ দল চি আই বি (CIB)ৰ জালত পৰে বন্যপ্ৰাণীসহ দুই চোৰাং চিকাৰী।  লামডিং ৰেল জংচনৰ ৰেল সুৰক্ষা বাহিনী (আৰ পি এফ) আৰু চি আই বিয়ে নিশা প্ৰায় ৮.৩০ বজাত বিৰল প্ৰজাতিৰ ৭৪টাকৈ কাছ উদ্ধাৰ কৰে। নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা ৰেলৰ সাধাৰণ শ্ৰেণী দবাৰ পৰা ৰেল সুৰক্ষা বাহিনীয়ে কাছকেইটা উদ্ধাৰ কৰে। ৰেল সুৰক্ষা বাহিনীৰ সূত্ৰে জানিব পৰা মতে, শিলচৰৰ পৰা গুৱাহাটী অভিমুখে তিনিটা বেগত কাছকেইটা  ভৰাই সৰবৰাহ কৰিব বিচৰা হৈছিল। ঘটনা সম্পৰ্কত ৰেল সুৰক্ষা বাহিনীয়ে আৰু চি আই বিয়ে মিজোৰামৰ দুজন মিজো যুৱকক আটক কৰিছে।আটক কৰা মিজো যুৱক দুজনৰ নাম লালছুৱানলিনা আৰু  লিয়ানচানচুপিয়া । ৰেল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰা কাছখিনি বৰ্তমান লামডিঙৰ বন বিভাগক চমজাই দিয়ে। উল্লেখযোগ্য যে ৰেলৰ জৰিয়তে বিভিন্ন নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ পিছত কাছ সৰবৰাহ হোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেৰক বিণ্টু ৰঞ্জন কেওট
You might also like