নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত কৰম উৎসৱ পালন

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ বালিপৰাৰ দীঘলীগাঁৱতো (মধুপুৰ) চাহ জনগোষ্ঠীৰ পৰম্পৰাগত কৰম উৎসৱ পালন কৰা হয়। দীঘলী গাঁও (মধুপুৰ) কৰম উৎসৱ উদযাপন কমিটিৰ সৌজন্যত আৰু দীঘলীগাঁৱৰ ৰাইজৰ সহযোগত কালি দীঘলী গাঁও (মধুপুৰ) লক্ষ্মী মন্দিৰ প্ৰাংগণত ৪৩ সংখ্যক বাৰ্ষিক কৰম উৎসৱ পালন কৰা হয়। চাহ জনগোষ্ঠীয় পৰম্পৰাগত মাদল, তাল, কৰতাল, ঝুমৰ গীতত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ। গীত, বাদ্যৰ তালে তালে চাহ জনগোষ্ঠীয় পুৰুষ, মহিলা, যুৱতীয়ে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ঝুমুৰ নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, বিয়লি ৫:০০ বজাত অনুষ্ঠানস্থলীত কৰম ডাল প্ৰতিষ্ঠা। কৰম ডাল প্ৰতিষ্ঠা কৰে ক্ৰমে কৃষ্ণ কুৰ্মী আৰু দুলাল কুৰ্মীয়ে। সন্ধ্যা বিধি অনুসৰি কৰম উৎসৱ আৰম্ভ তথা কৰমৰ তাৎপৰ্য ব্যাখ্যা কৰা হয়। অনুষ্ঠান পৰিচালনা কৰে ঢেকিয়াজুলি কেহেৰুখন্দাৰ সোণাৰাম কুৰ্মীয়ে । সন্ধ্যা পূজা সমাপন আৰু প্ৰসাদ বিতৰণ। সন্ধ্যা আমন্ত্ৰিত অতিথিৰ চিনাকি পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠান। নিশা অনুষ্ঠান আখৰা বন্দনা আৰু মুকলি ঝুমুইৰ নৃত্য। মুকলি ঝুমুইৰ নৃত্যত চাহ জনগোষ্ঠীয় ৰাইজৰ লগতে উপস্থিত অতিথি, সাংবাদিকসকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত শিক্ষক দেৱ শইকীয়া, নাহৰণী গাঁও পঞ্চায়তৰ সভাপতি শিৱেশ্বৰ গোৱালা, কুৰ্মী যুৱ ছাত্ৰ পৰিষদ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি সঞ্জীৱ কুৰ্মী, দীঘলী গাঁও উন্নয়ন সমিতিৰ সম্পাদক দেৱেশ্বৰ কৰ্মকাৰ, আটছা শোণিতপুৰ জিলা সমিতিৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক বসন্ত ভূমিজ, দীঘলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টুক বাহাদুৰ লিম্বু, শিক্ষক কাৰ্তিক কোছ, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মুখ্য সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, কৰম উদযাপন কমিটিৰ সভাপতি নয়ন কুৰ্মী, উপ-সভাপতিদ্বয় ৰমেশ কুৰ্মী আৰু পিংকু কৰ্মকাৰ, সম্পাদক অংকন কুৰ্মী, সহকাৰী সম্পাদকদ্বয় ক্ৰমে নগেন বাউৰী আৰু মিলন কুৰ্মী, দীঘলী গাঁৱৰ গাঁওবুঢ়া কুশল কুৰ্মী, সমিতিৰ বিষয়ববীয়া ক্ৰমে উত্তম কুৰ্মী, ভূৱেন কৰ্মকাৰ, আশীষ কুৰ্মী, লোহিত কুৰ্মী, মানৱ দাস, মহেশ কৰ্মকাৰ, সংগীতশিল্পী ঘনকান্ত তাঁতীৰ লগতে ভালেমান বিষয়ববীয়া, ৰাইজ , ভালেসংখ্যক আমন্ত্ৰিত অতিথি উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like