নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : মৰিগাঁৱৰ লাহৰীঘাট মহাবিদ্যালয়ত আয়ুষ্মান ভব অভিযানৰ উদ্যোগত আজি এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। ৰক্তদান শিবিৰটি উদ্ধোধন কৰে লাহৰীঘাট মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছফিৰ উদ্দিন আহমেদে। শিবিৰটিত আয়ুষ্মান ভব অভিযানৰ হৈ মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ লেভ টেকনিচিয়ান আবুল কালাম আজাদ, অৰূপ কুমাৰ নাথ, কেশৱ জ্যোতি হাজৰিকাই ৰক্তদান শিবিৰত উপস্থিত থাকি স্বেচ্ছায় ৰক্তদান কৰিবলৈ অহা ব্যক্তি সকলক বিভিন্ন পৰীক্ষণৰ মাজেৰে তেওঁ লোকৰ দেহৰ পৰা তেজ সংগ্রহ কৰে। উক্ত ৰক্তদান শিবিৰত লাহৰীঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু কেবাজন জন ছাত্ৰ ছাত্রীয়ে স্বেচ্ছামূলক ভাবে তেজদান কৰি মহৎ কাম কৰে। অৱশ্যে মূল শিবিৰটি আৰম্ভ হোৱাৰ পূৰ্বে মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৰক্তদান সম্পর্কে এখনি অনুষ্ঠুপীয়া আলোচনা সভা আৰু সম্বৰ্ধণা অনুষ্ঠানো ৰখা হয়, আলোচনা সভা সঞ্চালনা কৰে অধ্যক্ষ ছফিৰ উদ্দিন আহমেদে।
প্ৰেৰক আবুল কালাম