নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী আৰক্ষী প্ৰশাসনত সালসলনি

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ধুবুৰী জিলাৰ কেইবাখনে থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ কৰ্মস্থান জিলাখনৰ ভিতৰতেই সা-সলনি কৰা হৈছে। ধুবুৰী আৰক্ষীয়ে আজি সামাজিক মাধ্যম “এক্স”যোগে জিলাখনৰ মুঠ ৭ গৰাকী আৰক্ষী বিষয়াৰ কৰ্তব্যস্থান সলনি কৰা হোৱাৰ বিষয়টো সদৰি কৰিছে। জানিব পৰা মতে, ধুবুৰীৰ তামাৰহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি বৈশ্যক জিলাখনৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। ঠিক অনুৰূপে, ধুবুৰীৰ ধৰ্মশালা নীৰিক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতিক জিলাখনৰ চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। ধুবুৰীৰ গৌৰীপুৰ থানাৰ উপ-পৰিদৰ্শক দীপজ্যোতি মৌৰ্য্যক ধৰ্মশালা নীৰিক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। জিলাখনৰ আটানী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় বড়োক তামাৰহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। আনহাতে ধুবুৰী সদৰ থানাৰ উপ-পৰিদৰ্শক কীৰ্তিমান পাঠকক জিলাখনৰ শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে। ধুবুৰী জিলাৰ লক্ষীগঞ্জ নীৰিক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ জ্যোতি ৰায়ক হালাকুৰা আৰক্ষী চেক পোষ্ট (পিচিপি)ৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হোৱাৰ বিপৰীতে উপ-পৰিদৰ্শক উৎপল ৰায়ক ধুবুৰীৰ বজাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like