নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিণিকি ভূঞা শর্মাই তৰা মানহানি গোচৰত মন্তব্য কৰিব নোৱাৰিব গৌৰৱ গগৈয়ে

বিশেষ বাৰ্তা, ২৭ ছেপ্টম্বৰঃ নগাঁৱৰ কলিয়াবৰত খাদ্য সংসাধন উদ্যোগ স্থাপনৰ নামত কেন্দ্রীয় চৰকাৰৰ পৰা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা বুলি সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা ভিত্তিহীন অভিযোগ সন্দর্ভত তৰা মানহানি গোচৰৰ শুনানি আজি কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতত সম্পন্ন হয়৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই তৰা এই গোচৰৰ শুনানি গ্রহণ কৰি দেৱানী আদালতে প্রতিষ্ঠানটোৰ বিৰুদ্ধে ৰাজসাহায্য সন্দর্ভত কোনোধৰণৰ মন্তব্য নকৰিবলৈ সাংসদ গৌৰৱ গগৈক নির্দেশ দিছে৷ সাংসদ গগৈক প্রতিষ্ঠানটোৱে ৰাজসাহায্য লাভ কৰা বুলি কোনোধৰণৰ মন্তব্য কৰাৰ লগতে আন কোনো বাতৰি বিতৰণ আৰু প্রচাৰ কৰাত আদালতে নিষেধাজ্ঞা আৰোপ কৰিছে৷ পৰৱর্তী শুনানিৰ সময়ত গৌৰৱ গগৈক আদালতত হাজিৰ নোহোৱালৈকে এই অন্তৱর্তীকালীন স্থগিতাদেশ অব্যাহত থাকিব৷ আনহাতে, একেটা গোচৰৰে শুনানি গ্রহণ কৰি দেৱানী আদালতে গৌৰৱ গগৈলৈ কাৰণ দর্শোৱাৰ জাননীও জাৰি কৰিছে৷ এই অন্তৱর্তীকালীন স্থগিতাদেশ কিয় পূর্ণকালীন কৰা নহ’ব সেই সন্দর্ভত গৌৰৱ গগৈয়ে আদালতক অৱগত কৰিব লাগিব৷ অহা ৯ নৱেম্বৰত গোচৰটোৰ পৰৱর্তী শুনানি গ্রহণ কৰা হ’ব৷ পৰৱর্তী শুনানিৰ পূর্বেই সাংসদ গৌৰৱ গগৈয়ে দেৱানী আদালতত কাৰণ দর্শোৱাৰ জাননীৰ উত্তৰ প্রদান কৰিব লাগিব৷ উল্লেখ্য যে খাদ্য সংসাধন উদ্যোগ স্থাপনৰ নামত কেন্দ্রীয় চৰকাৰৰ খাদ্য সংসাধন উদ্যোগ মন্ত্রালয়ৰ পৰা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰা বুলি সামাজিক মাধ্যমৰ লগতে ৰাজহুৱাভাৱে সাংসদ গৌৰৱ গগৈয়ে ভিত্তিহীন অভিযোগ উত্থাপন কৰে৷ যি সময়ত কেন্দ্রীয় চৰকাৰৰ পৰা ৰাজসাহায্যৰ নামত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে এপইচাও গ্রহণ কৰা নাই বুলি প্রতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই স্পষ্ট কৰি দিছে৷ এনে ভিত্তিহীন অভিযোগেৰে প্রতিষ্ঠানটোৰ ভাবমূর্তি জনমানসত হেয় কৰিবলৈ চেষ্টা কৰাৰ বাবে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শর্মাই কামৰূপ মহানগৰ জিলাৰ দেৱানী আদালতত ১০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰে৷

You might also like