নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বহিঃৰাজ্যৰ ১৯জনীয়া প্রৱঞ্চকৰ দলক কৰায়ত্ত আৰক্ষীৰ

🔹 হলীডে’ ট্যুৰ পেকেজৰ নামত চিকিৎসক–ব্যৱসায়ীক প্রৱঞ্চনা

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ৰাষ্ট্রীয় নহয়, আন্তঃৰাষ্ট্রীয় পর্যায়ত এইবাৰ চর্চিত হৈছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰী৷ অৱশ্যে ভাল কথাত নহয়, অপৰাধীৰ ৰম্যভূমি হিচাপেহে আন্তঃৰাষ্ট্রীয় পর্যায়ত স্থান পাইছে গুৱাহাটী মহানগৰীয়ে৷ আৰক্ষী–নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ পিছতো গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ নাকৰ তলেদিয়েই গুৱাহাটী মহানগৰীক হত্যা–হিংসা, ঠগ–প্রৱঞ্চনাকে ধৰি অপৰাধৰ আন্তঃৰাষ্ট্রীয় নেটৱর্ক হিচাপে গঢ়ি তোলাত যত্নপৰ হৈছে একাংশ বহিঃৰাজ্যৰ অপৰাধী৷ মহানগৰ আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ বহিঃৰাজ্যৰ পৰা অসমত আহি থিতাপি লৈ এই অপৰাধীসকলে গুৱাহাটীৰ পৰাই নিয়ন্ত্রণ কৰিছে অপৰাধৰ কুখ্যাত নেটৱর্ক৷ চলিত মাহতেই দুটাকৈ বৃহৎ অপৰাধী চক্রৰ গতিবিধি পোহৰলৈ অহাৰ পিছতে অপৰাধ নেটৱর্কৰ এই তথ্য ফাদিল হৈছে৷ যোৱা ১৪ ছেপ্টেম্বৰত মহানগৰ আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ ৮টা স্থানত অভিযান চলাই কৰায়ত্ত কৰিছিল ১৯৪জন চাইবাৰ অপৰাধীক৷ উক্ত গোচৰৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে কালি বশিষ্ঠ আৰু পল্টন বজাৰৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ১৯জনীয়া প্রৱঞ্চকৰ দলক৷ লক্ষণীয় যে যোৱা ১৪ ছেপ্টেম্বৰত আৰক্ষীয়ে কৰায়ত্ত কৰা চাইবাৰ প্রৱঞ্চকৰ দলটোত অসমৰ স্থানীয় যুৱক–যুৱতী আছিল যদিও উক্ত নেটৱর্কটোৰ মূলতেই আছিল বহিঃৰাজ্যৰ প্রৱঞ্চক৷ একেদৰে কালি মহানগৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ১৯জনীয়া প্রৱঞ্চকৰ দলটোৰ আটাইকেইজনেই বহিঃৰাজ্যৰ৷ দিল্লী, বিহাৰ আৰু পশ্চিমবংগৰ পৰা আহি অসমৰ পৰাই প্রৱঞ্চনাৰ নেটৱর্ক সক্রিয় কৰাৰ চেষ্টা চলাইছিল ১৯ প্রৱঞ্চকে৷ উল্লেখ্য যে এইবাৰ বেংক একাউণ্ট হৰলুকী কৰাৰ সলনি গ্রাহকক মাতি আনি প্রৱঞ্চনাৰ ব্লুপ্রিণ্ট প্রস্তুত কৰিছিল৷ আশ্চর্যজনকভাৱে প্রৱঞ্চনাৰ বাবে নির্বাচন কৰিছিল চিকিৎসা বৃত্তিৰ সৈতে জড়িত চিকিৎসক অথবা আগশাৰীৰ ব্যৱসায়ীক৷ নিজকে ট্রেভেল এজেন্সীৰ কর্মচাৰী বুলি ফোনত চিনাকি দি কম খৰচত হলীডে’ ট্যুৰ দিয়াৰ নামত প্রৱঞ্চনা কৰিছিল চক্রটোৱে৷ এই সন্দর্ভত ব্রিজেশ কুমাৰ ৰায় নামৰ ব্যৱসায়ীজনৰ লগতে মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালৰ ডাঃ নজমুল নামৰ চিকিৎসকজনে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰা এটা অভিযোগৰ পিছতেই সাৰ পালে মহানগৰীৰ স্মার্ট আৰক্ষী৷ কিন্তু কিদৰে চলাইছিল এই প্রৱঞ্চনা, তাক লৈও এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে৷ গ্রাহকক আভুৱা–ভাঁৰিবলৈ ‘ৰিচ্চ কালচাৰ’ শীর্ষক নামেৰে এটা ট্রেভেল এজেন্সী বশিষ্ঠত খুলি লৈছিল চক্রটোৱে৷ বিগত কেইবাদিনো ধৰি মহানগৰীৰ বিভিন্ন গাড়ীৰ ডীলাৰ এজেন্সীত ঘূৰি ফুৰি চক্রটোৰ সদস্যসকলে সংগ্রহ কৰিছিল শেহতীয়াকৈ বিলাসী গাড়ী ক্রয় কৰা চিকিৎসক আৰু ব্যৱসায়ীৰ ফোন নম্বৰ৷ সেইমর্মে ফোন নম্বৰবিলাকত ফোন কৰি কম খৰচত দেশৰ বিভিন্ন পর্যটন স্থানৰ লগতে বিদেশতো ফুৰিবলৈ সুবিধা কৰি দিয়াৰ অফাৰ দিছিল প্রৱঞ্চকৰ দলটোৱে৷ প্রৱঞ্চক দলটোৰ জালত পৰা একাংশ চিকিৎসকে তেওঁলোকৰ নির্দেশ মতে বশিষ্ঠৰ এটা স্থানলৈ গৈ আদায় দিছিল আগতীয়া ধন৷ তাৰ পিছতে প্রৱঞ্চকৰ দলটোৱে ধন দিয়া গ্রাহকসকলক নির্ধাৰিত তাৰিখত গাড়ীৰে এয়াৰপ’ৰ্ট অথবা ৰে’ল ষ্টেচনলৈ নিয়াৰ প্রতিশ্রুতি দিছিল৷ কিন্তু সেইমর্মে গাড়ী আহি নোপোৱাত ভুক্তভোগীসকলে ধন দিয়া স্থানলৈ গৈ খবৰ কৰাত প্রৱঞ্চনাৰ বিষয়ে অৱগত হয়৷ কালিও একাংশ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে বশিষ্ঠৰ গ্রীনউড হোটেলত অভিযান চলাই তাৰ পৰা প্রথম অৱস্থাত প্রৱঞ্চক চক্রটোৰ ৭জনকৈ সদস্য ক্রমে দিল্লীৰ প্রদীপ কুমাৰ (২৭), ঝাৰখণ্ডৰ শ্বাহবাজ আলম (৩৪), নতুন দিল্লীৰ সার্থক কুমাৰ (২৫), নির্মল কুমাৰ মিশ্র (৩৫), ফিৰোজ মালিক (২৭), বিহাৰৰ প্রহ্লাদ কুমাৰ সিং আৰু নীৰজক গ্রেপ্তাৰ কৰে৷ প্রৱঞ্চককেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে পুনৰ পল্টন বজাৰৰ মা কামাখ্যা হোটেলত অভিযান চলাই আন ১২জন প্রৱঞ্চক ক্রমে পাটনাৰ চন্দন সিং (৩৬), বেগুচৰাইৰ চন্দন কুমাৰ (২৭), নতুন দিল্লীৰ সজল কুমাৰ (২০), উত্তৰ প্রদেশৰ গোৰখপুৰৰ শ্ববিৰ আলী (৩০), পংকজ গান্ধী, নতুন দিল্লীৰ সঞ্জয় সিং ৰয়, ইজাজ আলী, শিৱম অৱতাৰ, অর্পণা কুমাৰ, পশ্চিমবংগৰ অনিকেত প্রসাদ, উত্তৰ প্রদেশৰ ছোহিল আহমেদ আৰু হাৰিয়ানাৰ মৰভিম মেছিক গ্রেপ্তাৰ কৰে ৷ আৰক্ষীৰ সূত্র এটাই সদৰী কৰা মতে, কিছুদিন পূর্বে প্রৱঞ্চকৰ এই বৃহৎ দলটো গুৱাহাটীত আহি উপস্থিত হৈছিল৷ গুৱাহাটীত আহিয়েই প্রথমতে দলটো কেইবাটাও ভাগত বিভক্ত হৈ মহানগৰীৰ বিভিন্ন গাড়ীৰ শ্ব’ৰুমত গৈ ধনাঢ্য লোকৰ ফোন নম্বৰ সংগ্রহ কৰিছিল৷ নিজৰ প্রকৃত তথ্য লুকুৱাই গ্রাহকৰ জৰীপ কৰাৰ উদ্দেশ্যে ট্রেভেল এজেন্সীৰ পৰা অহা বুলি চিনাকি দি নম্বৰসমূহ সংগ্রহ কৰিছিল৷ মহানগৰীত ঘৰভাৰা লোৱাৰ সলনি হোটেলত বাহৰ পাতি দলটোৱে কেইবাটাও ভাগত বিভক্ত হৈ গ্রাহকক হোটেললৈ মাতি ধন সংগ্রহ কৰিছিল৷ গ্রাহকে যাতে সন্দেহ নকৰে, তাৰ বাবে ৰচিদ তথা গিফ্ট ভাউচাৰো প্রৱঞ্চকৰ দলটোৱে তেওঁলোকক দিছিল৷ আৰক্ষীয়ে হোটেলকেইখনৰ পৰা ৪টা এটিএম শ্বোৱাইপ মেচিন, ২৩টা মোবাইল ফোন, বিভিন্ন এজেন্সীৰ আই কার্ড, লেপটপ আৰু কেইবাখনো গিফ্ট ভাউচাৰ জব্দ কৰিছে৷ লক্ষণীয় যে প্রৱঞ্চকৰ দলটোৰ পৰা আৰক্ষীয়ে এখন বহী জব্দ কৰিছে৷ য’ত অকল গুৱাহাটীৰ বিভিন্ন চৰকাৰী–বেচৰকাৰী হাস্পতালৰ কেইবাজনো বিশেষজ্ঞ চিকিৎসকৰ ফোন নম্বৰ আছে৷ অর্থাৎ চিকিৎসকক মূল লক্ষ্য কৰিয়েই প্রৱঞ্চকৰ দলটোৱে অভিযান আৰম্ভ কৰিছিল৷ সূত্রটোৱে সদৰী কৰা মতে, এনেদৰে প্রৱঞ্চনা কৰিয়েই কেইবালাখ টকা অতি কম সময়ৰ ভিতৰতে সংগ্রহ কৰিছিল প্রৱঞ্চকৰ দলটোৱে৷ এই সন্দর্ভত বশিষ্ঠ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/৪১৯/৪২০/৩৮৫/৪৬৮/৪৭১ নং ধাৰাৰ লগতে আইটি এক্টৰ ৬৬ ডি নং সহযোগী ধাৰাৰ অধীনত ৫৯৩/২৩ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ধৃত ১৯জনক কালিয়েই আদালতত হাজিৰ কৰোৱা হয়৷ আৰক্ষীয়ে ধৃত আটাইকেইজনকে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে লগতে কয়৷ লক্ষণীয় যে হত্যাকাৰী, অপহৰণকাৰী, চোৰ–ডকাইতৰ পৰা আৰম্ভ কৰি ঠগ–প্রৱঞ্চক, চাইবাৰ অপৰাধীলৈকে সকলোৰে অপৰাধ সংঘটিত কৰাৰ ৰম্যভূমি বর্তমান গুৱাহাটী হৈ পৰিছে৷ বহু সময়ত আৰক্ষীৰ উপযুক্ত তদন্তৰ অভাৱত এই অপৰাধীসকলে গুৱাহাটীত থাকি ইয়াৰ পৰাই ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ত অপৰাধ সংঘটিত কৰি আহিছে৷ এক অর্থত ক’বলৈ হ’লে হত্যাকাৰীৰ পৰা চাইবাৰ অপৰাধীলৈকে গুৱাহাটী মহানগৰী হৈ পৰিছে আন্তঃৰাষ্ট্রীয় অপৰাধ নেটৱর্কৰ অন্যতম বাটকটীয়া৷

You might also like