🔹 জৰাজীৰ্ণ বাঁহৰ গৃহতে বছৰ বছৰ ধৰি পাঠদান কণ কণ শিক্ষাৰ্থীক
নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰ : অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিৰ জোনাইৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এক পুতৌলগা দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। নৈপৰীয়া চিয়াং লালী নদীৰ কাষতে থকা বেৰা মাজগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া। বছৰ বছৰ ধৰি জৰাজীৰ্ণ বাঁহৰ ঘৰতে কণ কণ শিক্ষাৰ্থীয়ে কৰি আহিছে পাঠগ্ৰহণ। বিদ্যালয়খনত কণ কণ শিক্ষাৰ্থীৰ বাবে পাঠদানৰ সময়ত বহিবলৈ নাই পৰ্যাপ্ত পৰিমাণৰ ডেস্ক-বেঞ্চ। ইফালে, সাধাৰণ কিনকিনীয়া বৰষুণ আহিলে বিদ্যালয় গৃহৰ ভিতৰত বৰষুণ পৰি নষ্ট হয় বিদ্যালয়ৰ মূল্যৱান নথি-পত্ৰৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ কিতাপ-বহী। যাৰ ফলত সাধাৰণ বৰষুণ-বতাহজাক আহিলেই বন্ধ কৰিবলগীয়া হয় পাঠদান। যি সময়ত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে সঘনাই উন্নয়নৰ ঢাক-ঢোল বজাই আছে, তেনে সময়তে জোনাইৰ এই চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ পুতৌলগা দৃশ্যই চৰকাৰখনে বজোৱা উন্নয়নৰ শ্লোগান উদঙাই দিয়া নাইনে?
প্ৰেৰক কৰবী দলে