পাকিস্তানৰ বেলুচিস্তানত ধৰ্মীয় সমাৱেশত বিস্ফোৰণত ৩৪জনৰ প্ৰাণহানি, আহত ১৩০
বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : পাকিস্তানৰ বেলুচিস্তানত শুকুৰবাৰে এক ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়। প্ৰদেশখনৰ মাষ্টুং জিলাৰ সদৰ চহৰত ধৰ্মীয় সমাৱেশত সংঘটিত বিস্ফোৰণত কমেও ৩৪জন লোক নিহত হয়। গুৰুতৰভাৱে আহত লোকৰ সংখ্যা ১৩০ জনতকৈ অধিক। ঈদ মিলাদুন নবী উৎসৱ উপলক্ষে আয়োজন কৰা শোভাযাত্ৰাৰ সময়ত আলফালাহ পথৰ মদিনা মছজিদৰ সন্মুখত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি সহকাৰী আয়ুক্ত আটাহুল মুনিমে জানিবলৈ দিয়ে। ততাতৈয়াকৈ আহতসকলক ওচৰৰ শ্বহীদ নবাব ঘৌছ বখছ ৰাইছানী মেম’ৰিয়েল হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহতসকলৰ একাংশৰ অৱস্থা সংকটজনক। বিস্ফোৰণৰ তীব্ৰতাত কেইবাখনো বাহনৰ লগতে কাষৰ কেইখনমান দোকানৰ ক্ষতিসাধন হয়। চিটি ষ্টেচন হাউছৰ বিষয়া এগৰাকীয়ে কয় যে এই বিস্ফোৰণটো “আত্মঘাতী বিস্ফোৰণ” আছিল আৰু বিস্ফোৰণটো ডি এছ পিৰ গাড়ীৰ কাষতে সংঘটিত কৰিছিল। বেলুচিস্তানৰ অন্তৰ্ৱৰ্তীকালীন তথ্য মন্ত্ৰী জান আচাকজাইয়ে কয় যে মাষ্টুঙলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে কয় যে গুৰুতৰভাৱে আহত লোকসকলক কুৱেটালৈ স্থানান্তৰিত কৰা হৈছে আৰু সকলো চিকিৎসালয়তে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে।