বিশেষ বাৰ্তা, ২৯ চেপ্টেম্বৰঃ আজি ঘোষণা কৰা হয় কালি অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। ফলাফল অনুসৰি সভাপতি পদত জয় লাভ কৰে আছু সমৰ্থিত জিণ্টু দাসে। উপ-সভাপতি অসম ছাত্ৰ পৰিষদৰ আৰিফ হুছেইন মীৰ বিজয়ী হয়। আনহাতে এন এছ ইউ আইৰ সমৰ্থিত হিমানজিৎ ডেকাই সম্পাদক পদত জয় লাভ কৰে। সহঃ সাধাৰণ সম্পাদক এবিভিপিৰ নীহাৰিকা দেৱী, ছাত্ৰ জিৰণি কোঠাত অসম ছাত্ৰ পৰিষদৰ সূৰজ ফুকন, ক্ৰীড়া সম্পাদক পদত এন এছ ইউ আইৰ ঋষভ নাৰ্জাৰী, তৰ্ক সম্পাদকত পদত আছুৰ বৰষা বৰগোহাঁই, গুৰু ক্ৰীড়া সম্পাদকত আছুৰ হিমাক্ষী ৰাভা, লঘু ক্ৰীড়া সম্পাদক পদত আছুৰ পল্লৱ প্ৰতীম হাজৰিকা, সাংস্কৃতিক সম্পাদক পদত আছুৰ লক্ষ্যজিৎ শইকীয়া, সংগীত সম্পাদক পদত এন এছ ইউ আইৰ ঋষভ জ্যোতি কাথাৰ, সমাজসেৱা পদত আছুৰ দেৱাঙ্গণা চক্ৰৱৰ্তী, ছাত্ৰী জিৰণি কোঠা পদত আছুৰ উইনী ডেকা, সাহিত্য সম্পাদক পদত আছুৰ নৱকান্ত বৰুৱা জয়ী হয়। আজি ঘোষিত ফলাফল অনুসৰি আছু সমৰ্থিত ৮গৰাকী, এন এছ ইউ আই সমৰ্থিত ৩গৰাকী, আৰ চি চি-১ৰ এগৰাকী, এবিভিপিৰ এগৰাকী আৰু অসম ছাত্ৰ পৰিষদ সমৰ্থিত ২গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰে।