নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ ৰূপহীহাটত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা৷ যাৰ বাবে বাৰে বাৰে ৰাইজে সজাগতা সভা অনুষ্ঠিত কৰিব লগা হৈছে৷ আজি ৰূপহীহাটৰ গুনাবাৰীত পৱিত্ৰ শুকুৰবাৰৰ জুম্মাৰ নামাজৰ পিছত কেইবাখনো গাঁৱৰ শ শ লোক একত্ৰিত হৈ ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত কৰে ৷ উক্ত সজাগতা সভাত ৰূপহীহাট থানাৰ আৰক্ষীও অংশ গ্ৰহণ কৰে ৷ উক্ত সজাগতা সভাত ৰাইজে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সমাজত ড্ৰাগছ সেৱন কৰি কাৰোৱাৰ মৃত্যু হলে সেইজনৰ জানাজাৰ নামাজ সম্পন্ন নকৰে সমাজে ৷ আৰু ড্ৰাগছ বিক্ৰী কৰিলে সমাজৰ পৰা এঘৰীয়া কৰা হব৷ আজি সজাগতা সভাত শ শ লোকে শপত লয় যে ড্ৰাগছৰ বিৰুদ্ধ যুঁজ দিবলৈ গৈ নিজৰ জীৱন আহুতি দিবলৈ কুন্টাবোধ নকৰে তথাপি সমাজৰ পৰা বৰবিষ স্বৰূপ এই ড্ৰাগছ মুক্ত কৰিব বুলি একেলগে হুংকাৰ প্ৰদান কৰে ৷ উল্লেখ্য যে যোৱা সপ্তাহত ড্ৰাগছবিৰোধী এক সজাগতা সভা অনুষ্ঠিত কৰি এক শক্তিশালী কমিটি গঠন কৰিছিল ৷ এই কমিটি গঠন হোৱাৰ দুদিন পিছতে ড্ৰাগছ মাফিয়াৰ এটা দলে মজিবুৰ ৰহমান খানক দলবব্ধ আক্ৰমন কৰি গুৰুতৰভাবে আহত কৰিছিল। যাৰ বাবে ৰাইজে ৰূপহীহাট থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তৎপৰতাত ইতিমধ্যে তিনি ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু তদন্ত তীব্ৰতৰ কৰি তুলিছে ৷
প্ৰেৰক জহিৰুল ইছলাম