নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ জালত ধুবুৰীৰ ডিএফঅ’কে ধৰি দুজন গ্ৰেড-১ ফৰেষ্টাৰ

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ কি চলিছে অসম চৰকাৰৰ বিয়াগোম বন বিভাগত? ধুবুৰীৰ বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বাবে বিভাগটো হৈ পৰিছে নেকি খীৰতী গাই? কালি ধুবুৰীৰ ডিএফঅ’কে ধৰি ধুবুৰীৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ দুজনকৈ গ্ৰেড ৱান ফৰেষ্টাৰ দুৰ্নীতি নিবাৰক শাখাৰ এটি দলৰ জালত পৰাৰ পিছত উত্থাপিত হৈছে এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। স্মৰ্তব্য যে, বৃহৎ পৰিমাণৰ ধন দাৱী কৰা বালিৰ মহলদাৰ এগৰাকীৰ অভিযোগৰ ভিত্তিত কালি দূৰ্নীতি নিবাৰক শাখাৰ এটি দলে ধুবুৰীস্থ বন সংমণ্ডলৰ কাৰ্যালয়ত সংগোপনে চলাইছিল এক অভিযান। সেই অভিযানত কাৰ্য্যালয়টোত কৰ্মৰত জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতান নামৰ গ্ৰেড ৱান ফৰেষ্টাৰ দুগৰাকীক প্ৰথমে ১৫ হাজাৰ আৰু পিছত আৰু ৫ হাজাৰ টকা; অৰ্থা মুঠ ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলায় দলটোৱে। দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত ধুবুৰীৰ ডিএফঅ’ বিনেোদ কুমাৰ পায়েঙক কৰায়ত্ব কৰে দলটোৱে। উল্লেখ্য কালি দিনৰ ১১-৩৫ মান বজাৰ পৰা আৰম্ভ হোৱা সেই অভিযান নিশা প্ৰায় ডেৰ বজালৈকে চলে আৰু অন্তত নিশা প্ৰায় ২টা মান বজাত ডিএফঅ’ পায়েং আৰু ধৃত ফৰেষ্টাৰ দুগৰাকীক লৈ গুৱাহাটীলৈ যাত্ৰা কৰে দূৰ্নীতি নিবাৰক শাখাৰ এটি দলটোৱে। অৱশ্য আনুষ্ঠানিক ভাবে জনোৱা হোৱা নাই যদিও কালি চলা সেই অভিযানৰ উমান পাই আন এগৰাকী গ্ৰেড ৱান ফৰেষ্টাৰে পলায়ন কৰা বুলি প্ৰকাশ। উল্লেখ্য যে, ধুবুৰী বন বিভাগৰ একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াত জিলাখত অবৈধ বালি মহল, মূল্যবান গছৰ কুন্দাৰ বেহাকে ধৰি অভাৰলোড বালি, শিল পৰিবাহী বাহনৰ সৈতে জড়িত চক্ৰ সমূহৰ দপদপনি চলাৰ দীৰ্ঘদিনীয়া এক অভিযোগ আছে। আনকি, অভাৰলোড শিল আৰু বালি পৰিবাহী বাহনৰ সেই অসাধু চক্ৰৰে ধুবুৰীৰ পৰিবহন বিভাগৰ একাংশও জড়িত থকাৰো এক বুবু-বাবা আছে ৰাইজৰ মাজত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like