নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্বৃত্ত নে অশৰীৰী আত্মা : পাঠশালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা লণ্ডভণ্ড

নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ কোনোবা অদৃশ্য শক্তি নাইবা অশৰীৰী আত্মাৰ কবলত পৰিছে নেকি পাঠশালাৰ কৃষ্ণনগৰত অৱস্থিত ১৯০৯নং পাঠশালা প্ৰাথমিক বিদ্যালয়? কিয়নো কিছুমান আজৱ ঘটনাই এতিয়া সকলোৰে চকু কপালত উঠাইছে৷ পাঠশালাৰ মাজেৰে বৈ যোৱা বিষন্নলাজানৰ পাৰত পাঠশালাৰ ১নং ৱাৰ্ডৰ কৃষ্ণ নগৰত অৱস্থিত তথা বজালী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনত যোৱা দুদিন ধৰি শ্ৰেণী দুটাকোঠা সম্পুৰ্ণৰূপে লণ্ড ভণ্ড কৰা ঘটনাই বাৰুকৈ অস্বস্তিত পেলাইছে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী আৰু কন কন ছাত্ৰ ছাত্ৰীসকলক৷ শ্ৰেণীকোঠাৰ ভিতৰৰ বাকচ আলমাৰি পৰ্যন্ত খোলাৰ চিন৷ বিদ্যালয় চুটিৰ পিছত সকলোবোৰ শ্ৰেণীকোঠাৰ প্ৰৱেশ দ্বাৰত তলা মাৰি যায় শিক্ষয়িত্ৰীসকলে ৷ কিন্ত নিশাৰ ভাগত বিদ্যালয়খনৰ দুটি নিৰ্দিষ্ট কোঠাৰ সকলোবোৰ ডেস্ক বেঞ্চ মজিয়াত পেলাই থোৱাৰ উপৰিও বিনামূলীয়া কিতাপ পত্ৰ তথা অন্যান্য সমগ্ৰী চিৰি ভাঙি লণ্ডভণ্ড কৰি পেলায়৷ সেইবোৰ দৃশ্য দেখিলে অনুভৱ কৰিব পাৰি কোনো মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰো কাম হব পাৰে৷ কোঠা দুটিৰ ভিতৰত সকলোবোৰ সমগ্ৰী চেদেলী ভেদেলি হৈ চাৰিওপিনে সিচৰতি হৈছে যদিও বাহিৰত পৰিবেশ কিন্তু সম্পূৰ্ণ স্বাভাবিক৷ শ্ৰেণীকোঠা দুটাৰ বাহিৰৰ পৰা মাৰি থোৱা তোলা খুলিলেহে ভিৰতৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰি৷ এতিয়া প্ৰকৃত কথাটো হল বাহিৰৰ পৰা সকলোবোৰ দুৱাৰ খিৰিকী নিকপকপীয়াকৈ তলা লগোৱা৷ বাহিৰৰ পৰা তলা ভাঙি ভিতৰত কোনো ব্যক্তি প্ৰবেশ কৰাৰো কোনো চিন নাই৷ সকলোবোৰ স্বাভাৱিক অৱস্থাত আছে ৷কিন্ত ভিতৰৰ দৃশ্যবোৰ অস্বাভাৱিক৷ আজি বিদ্যালয়ৰখনৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু দাসে আবেগিক হৈ সাংবাদিক কয়, “আজি বিদ্যালয়খনত কন কন ছাত্ৰছাত্ৰীসকলৰ পৰীক্ষা আছিল৷ যি দুটা কোঠাত পৰীক্ষা অনুস্থিত কৰা হয় সেই কোঠা দুটাত বৰ্তমান পৰীক্ষা অনুস্থিত কৰাৰ কোনো পৰিবেশ নাই৷ কোনে এনেকুৱা কাম কৰিছে আমি প্ৰকৃততে ধৰিব পৰা নাই৷ চোৰ ডকাইত হ’লে দৰ্জা ভাঙি সামগ্ৰী চুৰ কৰি নিব লাগিছিল৷ কিন্ত ইয়াৰ বিপৰীতে বন্ধ কোঠাৰ ভিতৰত কিতাপ পত্ৰকে আদি কৰি গুৰুত্বপূৰ্ণ সমগ্ৰী চিঙি ভাঙি লণ্ড ভণ্ড কৰিলে৷ আমি একো অনুমান কৰিব পৰা নাই৷ এয়া কেনো অদৃশ্য শক্তিৰ কাম হব পৰে৷ এনেকুৱা ঘটনাই আমাৰ মনত ভয় আৰু আতঙ্কই বিৰাজ কৰিছে৷ কি হয় নাজানো৷ আমি ইতিমধ্যে উচ্চপদস্থ শিক্ষা বিষয়াসকলক বিষটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো” এই সমগ্ৰ বিষয়টিয়ে আজি পাঠশালাত বিশেষ চৰ্চা লাভ কৰিছে৷ ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে আহ্বান জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like