নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত পেট্ৰল পাম্পৰ ছাদ খহি আহত বহু লোক

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ তামিলনাডুৰ চেন্নাইৰ ছাইদাপেট অঞ্চলত অৱস্থিত এটা পেট্ৰ’ল পাম্পৰ ছাদ আজি প্ৰচণ্ড বৰষুণৰ মাজতে ভাঙি পৰে। এই দুৰ্ঘটনাত ৬জন লোক আহত হোৱাৰ বিপৰীতে বহু লোক ধ্বংসাৱশেষৰ তলত পোত খাই আছে। বৰ্তমান ধ্বংসাৱশেষত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে উপস্থিত হৈছে অগ্নিনিৰ্বাপক আৰু নিৰাপত্তাৰক্ষী। অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী, পৌৰ নিগমৰ কৰ্মচাৰী আৰু স্থানীয় লোকে সাহায্য আৰু উদ্ধাৰৰ কাম কৰি আছে। আহতসকলক এম্বুলেন্সৰ সহায়ত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কোৱা হৈছে যে এই পেট্ৰ’ল পাম্পৰ ছাদত ইতিমধ্যে বৰষুণৰ পানী জমা হৈছিল। এনে অৱস্থাত বৰষুণ বেছি হ’লে ওজন সহ্য কৰিব নোৱাৰি হঠাৎ পৰিল ছাদখন। আজি সন্ধিয়া ৬ বজাৰ পৰা চেন্নাইত প্ৰচণ্ড বতাহৰ সৈতে প্ৰচণ্ড বৰষুণ দি আছে।

You might also like