নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধীৰ পাকচক্ৰত গুৱাহাটীৰ কলেজীয়া যুৱতী

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ চাইবাৰ অপৰাধীৰ টার্গেটত কলেজীয়া ছাত্রী৷ চাইবাৰ অপৰাধীয়ে সামাজিক মাধ্যমত ভাইৰেল কৰিছে কলেজীয়া ছাত্রীৰ নগ্ন ফটো৷ এগৰাকী নহয়, দুগৰাকী নহয় মুঠ ৬৩গৰাকী কলেজীয়া ছাত্রীৰ আপত্তিজনক ফটো সামাজিক মাধ্যমত ছাইবাৰ অপৰাধীয়ে ভাইৰেল কৰাৰ পিছত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে মহানগৰী গুৱাহাটীত৷ ঘটনাটো সংঘটিত হৈছে বেলতলা মহাবিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ একাংশ ছাত্রীৰ সৈতে৷ এই সন্দর্ভত কালি বিয়লি মহাবিদ্যালয় কর্তৃপক্ষই বশিষ্ঠ থানাত এজাহাৰ দিয়াৰ পিছত পোহৰলৈ আহিল এই ভয়ংকৰ তথ্য৷ আপত্তিজনক ফটো ভাইৰেল কৰাতে ক্ষান্ত নাথাকি দিনে–নিশাই ফোনযোগে ছাত্রীসকলক ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপিত হৈছে৷ মহাবিদ্যালয়খনৰ একাংশ ভুক্তভোগী ছাত্র–ছাত্রীয়ে আজি অভিযোগ কৰা মতে বিগত কেইবাদিনো ধৰি এই ঘটনা সংঘটিত হৈ আহিছে৷ ম’বাইল ফোনৰ হোৱাটছএপত বিভিন্ন নম্বৰৰ পৰা অশ্লীল মেছেজ তেওঁলোকলৈ আহিছিল৷ প্রথম অৱস্থাত ঘটনাটো ইমান গুৰুত্ব কোনেও প্রদান কৰা নাছিল যদিও যেতিয়াই অর্ধনগ্ন–নগ্ন ফটো তেওঁলোকৰ হোৱাটছএপত আহিবলৈ ধৰিলে তেতিয়াই সৃষ্টি হ’ল হুৱাদুৱাৰ৷ জানিব পৰা মতে বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ এগৰাকী ছাত্রীয়ে বিগত কিছুদিন পূর্বে ফোনযোগে চিনাকি হৈছিল এজন অচিনাকি যুৱকৰ সৈতে৷ চিনাকি হোৱাৰ পাছৰে পৰা দীঘলীয়া কথা–বার্তাত প্রায়ে জড়িত হৈছিল ছাত্রীগৰাকী৷ এনেদৰেই সম্পর্কটো ক্রমাৎ গাঢ় হৈ উঠাত বন্ধুত্বৰ পৰা প্রেমলৈ পৰিণত হ’ল দুয়োৰে সম্পর্ক৷ নাম প্রকাশত অনিচ্ছুক একাংশ ছাত্রীয়ে সদৰী কৰা মতে তেওঁলোকৰ মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অধ্যয়নৰ বাবে এটা হোৱাটছএপৰ গ্রুপ আছিল৷ য’ত মহাবিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্রীৰ নম্বৰ আছিল৷ অচিনাক্ত যুৱকজনে ছাত্রীগৰাকীৰ ম’বাইল নম্বৰটোত থকা হোৱাটছএপ এপ্লিকেচনটো কিবা প্রকাৰে হেক কৰি উক্ত গ্রুপটোত থকা আটাইকেইখিনি ছাত্র–ছাত্রীৰে নম্বৰসমূহ সংগ্রহ কৰে৷ তাৰ পিছৰে পৰা আৰম্ভ হয় ব্লেকমেইলিং আৰু প্রতাৰণাৰ ধাৰা৷ নম্বৰসমূহ সংগ্রহ কৰাৰ কিছুদিন পিছতে সেই নম্বৰসমূহৰ প্রফাইলত থকা ছাত্রীৰ ফটো সংগ্রহ কৰি অচিনাক্ত যুৱকজনে সেই ফটোবোৰ বিশেষ ছফটৱেৰত অর্ধনগ্ণ–নগ্ণ ফটোলৈ পৰিৱর্তন কৰি সেই ফটোবোৰ পুনৰ বিভিন্ন হোৱাটছএপ গ্রুপত দিয়াৰ লগতে পৰিৱর্তন কৰা ফটোৰ নির্দিষ্ট গৰাকীলৈও ফটোবোৰ প্রেৰণ কৰে৷ অকল ফটো প্রেৰণ কৰাতে ক্ষান্ত নাথাকি বিভিন্ন ছাত্রীক মাজনিশা অশ্লীল মেছেজ তথা ফোনো কৰে উক্ত যুৱকজনে৷ তেওঁৰ লোকেচন যাতে কোনোৱে ধৰিব নোৱাৰে তাৰ বাবে পৃথক পৃথক ফোন নম্বৰৰ পৰা ফোনবোৰ কৰে৷ একাংশ ছাত্রীয়ে দাবী কৰা মতে চাইবাৰ অপৰাধীজনে তেওঁলোকৰ হোৱাটছএপৰ লগতে ইনষ্টাগ্রামৰ প্রফাইলো হেক কৰিছে৷ ঘটনাটোৱে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত কালি ভুক্তভোগী ছাত্রীগৰাকীয়ে আন সহপাঠীৰ সৈতে কলেজ কর্তৃপক্ষক অৱগত কৰে৷ তাৰ পিছতে কলেজ কর্তৃপক্ষই কালি বিয়লি বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰে৷ এজাহাৰখনত নৱজিৎ নাথ ওৰফে তালুকদাৰ নামৰ এজন যুৱকে উক্ত অর্ধ নগ্ন ফটোসমূহ সামাজিক মাধ্যমত প্রেৰণ কৰা বুলি উল্লেখ কৰিছে মহাবিদ্যালয় কর্তৃপক্ষই৷ আজি পুৱাৰ ভাগত মহাবিদ্যালয়খনৰ একাংশ কলেজীয়া ছাত্র–ছাত্রীয়ে বশিষ্ঠ থানালৈ গৈ ঘটনাটো আৰক্ষীক ভালদৰে অৱগত কৰাৰ পিছত তেওঁলোকক অপৰাধ শাখাত থকা ছাইবাৰ আৰক্ষী থানালৈ যোৱাৰ পৰামর্শ দিয়ে বশিষ্ঠ আৰক্ষীয়ে৷ সেই মতে ভুক্তভোগী ছাত্রীগৰাকীয়ে নিজৰ পিতৃ–মাতৃৰ সৈতে গৈ চাইবাৰ  থানাত এটা গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মহাবিদ্যালয়খনৰ ৬৩গৰাকী ছাত্রীৰ সৈতে এই ধৰণৰ মর্ফ কৰা অর্ধ উলংগ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ খবৰ আহিছে যদিও এই সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে৷ জানিব পৰা মতে বেলতলা মহাবিদ্যালয়ৰ স্নাতক মহলাৰো দুগৰাকী ছাত্রীৰ সৈতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে৷ কিন্তু এইপর্যন্তলৈকে মুখ লজ্জাৰ ভয়তেই হওক ছাত্রী দুগৰাকীয়ে বিশেষ মন্তব্য প্রদান কৰাৰ পৰা বিৰত আছে৷ বেলতলা কনিষ্ঠ মহাবিদ্যালয়ৰ ২৫গৰাকী ছাত্রীয়ে স্বাক্ষৰ কৰা এখন এজাহাৰ চাইবাৰ আৰক্ষী থানাত প্রদান কৰা হৈছে৷ এজাহাৰখনত ছাত্রীকেইগৰাকীয়ে পাঁচটা সন্দেহজনক নম্বৰ উল্লেখ কৰিছে৷ উক্ত নম্বৰসমূহৰ পৰাই ছাত্রীকেইগৰাকীলৈ বিভিন্ন অশ্লীল এছএমএছ তথা হোৱাটছএপযোগে নগ্ন ফটো প্রেৰণ কৰা হৈছিল বুলি অভিযোগ উঠিছে৷ উল্লেখ্য যে এজাহাৰখনত নাম উল্লেখ থকা যুৱকজন অসমৰ বুলি প্রথম অৱস্থাত সন্দেহ কৰা হৈছিল যদিও ঘটনাটো প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে নম্বৰসমূহ ট্রেক কৰি গোটেইকেইটা নম্বৰৰ লোকেচন বাংগালুৰুত পোৱাত সম্প্রতি ৰহস্যৰ সৃষ্টি হৈছে৷ আৰক্ষী সূত্র এটাই সদৰী কৰা মতে বিভিন্ন লোকৰ ছিমকার্ড হেক কৰিও এনেদৰে ছাইবাৰ অপৰাধীয়ে অশ্লীল বার্তা প্রেৰণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ এই সন্দর্ভত তদন্ত অব্যাহত ৰখা হৈছে৷ অভিযোগ উঠা নম্বৰসমূহ প্রকৃততে কাৰ এই সন্দর্ভত ছার্ভিচ প্রভাইডাৰক যোগাযোগ কৰিছে মহানগৰ আৰক্ষীয়ে৷ সম্পূর্ণ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ফটো ভাইৰেল কৰাৰ আঁৰত থকা প্রকৃত উদ্দেশ্য৷ লক্ষণীয় যে অসমৰ পৰাই আন্তঃৰাষ্ট্রীয় চাইবাৰ অপৰাধ চক্র গঢ়ি তোলাৰ অপৰাধত কিছুদিন পূর্বে মহানগৰ আৰক্ষীয়ে ১৯৪জন লোকক আটক তথা গ্রেপ্তাৰ কৰিছিল৷ তদন্তৰ অন্তত মুঠ ৫২জনক গ্রেপ্তাৰ কৰি বর্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ বৃহৎ এই চক্রটোৰ সৈতে জড়িত একাংশ লোকৰ সন্ধান এতিয়াও আৰক্ষীয়ে অব্যাহত ৰখাৰ পাছৰে পৰা এটাৰ পিছত আন এটা ছাইবাৰ অপৰাধ অকল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত হৈছে৷ প্রত্যেকটা ছাইবাৰ অপৰাধৰ মূল উদ্দেশ্য বেংকত জমা হৈ থকা ধন যদিও এইবেলি প্রথমবাৰলৈ এনেদৰে কলেজীয়া ছাত্রীৰ অর্ধনগ্ণ ফটোও ছাইবাৰ অপৰাধীয়ে ভাইৰেল কৰিছে৷ এয়া প্রকৃততে ব্লেকমেইলিং নে ধুনীয়া যুৱতীৰ নগ্ন দেহ ইণ্টাৰনেটত পণ্য হিচাপে বিক্রী কৰাৰ আন এক কৌশল সেয়া সম্পূর্ণ তদন্তৰ অন্ততহে ক’ব পৰা যাব৷

You might also like