নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ বাবেই এতিয়া কাল অমানিশা নামি আহিছে ৪৫ টাকৈ পৰিয়াললৈ । আগন্তুক ২৪-২৫ ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদলৈ আহিব ট্ৰাম্প । আহমেদাবাদলৈ অহাৰ এই সময়চোৱাত ট্ৰাম্পৰ কনভয় চলাচলত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে মোতেৰায় বস্তিলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে আহমেদাবাদ পৌৰসভাই ।
সাত দিনৰ ভিতৰত নিজৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচতেই এতিয়া দুঃচিন্তা ভুগিছে এইসকল দৰিদ্ৰ লোক । মোতেৰায়ত হৈ থকা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত ডনাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰিব বাবেই বস্তি অঞ্চল খালী কৰাৰ নিৰ্দেশৰ লগত নিৰাপত্তা ব্যৱস্থাও কৰি তোলা হৈছে কটকটীয়া ।
উল্লেখ্য যে, বায়ুসেনাৰ বিমানৰ জৰিয়তে অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ১১.৫৫ বজাত আহমেদাবাদত উপস্থিত হ’ব ডনাল্ড ট্ৰাম্প । বিমানবন্দৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক স্বাগতম জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অন্যান্য সকলে । বিমানবন্দৰৰ পৰা পোনে পোনে সৱৰমতী আশ্ৰমলৈ যাব ট্ৰাম্প । ইতিমধ্যে ট্ৰাম্পৰ আগমনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে আহমেদাবাদ চহৰ ।