বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : ১৯৮৮ চনত প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় চহৰৰ দুৱৰাচুকস্থিত ৰূপনগৰ ৰাজহুৱা নামঘৰৰ নৱনিৰ্মিত তোৰণ আজি এক মাংগলিক পৰিৱেশত উদ্বোধন কৰা হয়৷ তোৰণখনি ফিটা কাটি উদ্বোধন কৰে গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী কাৰ্যবাহী অভিযন্তা তথা বৈষ্ণৱ ভোগেশ্বৰ দাসে৷ তিনি লাখ টকা ব্যয়ৰে পিতৃ দুৰ্গেশ্বৰ গগৈ আৰু মাতৃ সুভদ্ৰা গগৈৰ সোঁৱৰণত তোৰণখনি নিৰ্মাণ কৰি ভক্তি আৰু বদান্যতাৰ পৰিচয় দিছে স্থানীয় নিৱাসী তথা ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক ইন্দ্ৰেশ্বৰ গগৈ আৰু তেওঁৰ পৰিয়ালবৰ্গই৷ এই উপলক্ষ্যে নামঘৰত অনুষ্ঠিত ধৰ্মালোচনা সভাত ভাষণ প্ৰদান কৰি তোৰণখনিৰ উদ্বোধক ভোগেশ্বৰ দাসে নামঘৰৰ স’তে জৰিত বিভিন্ন দিশ উল্লেখ কৰি বক্তব্য আগবঢ়োৱাৰ লগতে ইন্দ্ৰেশ্বৰ গগৈৰ বদান্যতাৰ শলাগ লয়৷ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি তথা সংগীত শিল্পী সুৰেশ হাতীমুৰীয়াই আঁতধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্ট নামঘৰৰ ঐতিহ্য আৰু পৰম্পৰাৰ লগতে অসমৰ সামাজিক তথা সাংস্কৃতিক জীৱনত নামঘৰৰ ভূমিকা ইত্যাদি দিশ সামৰি বক্তব্য আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই৷ সভাত তোৰণখনিৰ দাতা ইন্দ্ৰেশ্বৰ গগৈয়েও প্ৰয়াত পিতৃ-মাতৃৰ পৰা জীৱনত লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ স্মৃতিৰ স্বাৰ্থত তোৰণখনি নিৰ্মাণৰ চিন্তা বাস্তৱত ৰূপায়িত কৰাৰ কথা অৱগত কৰে৷ সভাত নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক দেৱানন্দ সোনোৱাল, দাতা পৰিয়ালৰ সদস্য পদ্মাৰানী গগৈ, জাহ্নৱী গগৈকে ধৰি দুৱৰাচুক অঞ্চলটোৰ ডেৰ শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে৷ সভাৰ অন্তত নামপ্ৰসংগৰ পিছতে তোৰণখনি আনুষ্ঠানিকভাৱে নামঘৰ পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰা হয়৷
প্ৰেৰক বিভাষ দুৱৰা