🔹ভূপেন বৰাক অসমৰ কপিল শৰ্মা আখ্যা মন্ত্ৰী হাজৰিকাৰ
🔹’অসমৰ মানুহক হাঁহিৰ খোৰাক দিবলৈ কমেডিয়ান কপিল শৰ্মা হৈ আবোল-তাবোল বকি আছে ভূপেন বৰাই’
বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : ‘প্ৰথম কথা হ’ল ভূপেন বৰা ডাঙৰীয়া নাস্তিক। তেওঁ ভগৱান ৰামচন্দ্ৰৰ নাম ল’বই নাপায়। কাৰণ সৌ সিদিনা তেওঁ ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজাইছিল। যিয়ে ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজায়, যিয়ে হিন্দু ধৰ্ম বা সনাতন ধৰ্মক বেয়া বেয়াকে কয়, তেওঁলোকে হিন্দু ধৰ্মৰ ভগৱান, সনাতন ধৰ্মৰ ভগৱান ৰামচন্দ্ৰক কেতিয়াও আদৰ্শ হিচাপে ল’বই নোৱাৰে।’- এই মন্তব্য জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক চোকা সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই এই মন্তব্য কৰে। শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা ভূপেন বৰাক ভগৱান ৰামচন্দ্ৰৰ নামটো নল’বলৈ মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায়। দ্বিতীয়তে ভূপেন বৰাক অসমৰ এগৰাকী কপিল শৰ্মা বুলি কটাক্ষ কৰি মন্ত্ৰী হাজৰিকাই কয়- আপোনালোকে টিভিত চায় নহয় কমেডিয়ান কপিল শৰ্মাৰ শ্ব’। কপিল শৰ্মাৰ কমেডী শ্ব’ নাচায় জানো? তেওঁ পুৱাই এটা চিন্তা কৰে, আজি কিবা এটা কমেডী কথা ক’ব লাগিব, আবেলিলৈ টিভিত ওলাব লাগিব আৰু অসমীয়া মানুহক হাঁহিৰ খোৰাক দিব লাগিব। মন্ত্ৰী হাজৰিকাই পুনৰ কয় যে অসমৰ মানুহেতো তেওঁক ছিৰিয়াছলি নলয়েই, গতিকে অসমৰ মানুহক হাঁহিৰ খোৰাক দিবলৈ কপিল শৰ্মা হৈ তেওঁ আবোল-তাবোল বকি আছে আৰু আমি আমাৰ কাম কৰি আছোঁ। অগপৰ কেইবাগৰাকী নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি ভূপেন বৰাই কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় যে ভূপেন বৰাই যাৰ যাৰ কথা কৈছে মই জানোৱেই। আমাৰ দলততো এয়া নহয়। এজন-দুজনে যোৱাবাৰ টিকট পোৱা নাছিল আৰু ভৱিষ্যতেও টিকট নাপায়। গতিকে টিকট নোপোৱা দুই-এজন ব্যক্তিক টিকট দিয়াৰ আশাৰে তেওঁলোকে নিজৰ দললৈ নিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁলোকেও টিকট নাপাই পুনৰ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিব বা এজিপিলৈ ঘূৰি আহিব বা কোনোবা দললৈ ঘূৰি আহিব। বিজেপিৰ পৰাতো কোনো কংগ্ৰেছলৈ নাযায়। মন্ত্ৰীগৰাকীয়ে পুনৰ কয়- ভূপেন বৰাই কমেডী শ্ব’ এটা পুৱাই কৰিব খোজে। তেওঁ পুৱাই ভাবে যে আজি মই এইটো কথা ক’ম। মইতো কপিল শৰ্মা হ’বই লাগিব, নহ’লেতো মোক মানুহে নাচায়। ছিৰিয়াছ কথা শুনিবলৈ কাক চায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাব বা বিজেপি নেতাসকলক চাব। তেওঁকতো ছিৰিয়াছ কথা ক’লে নাচায়, গতিকে তেওঁ আবোল-তাবোল বকিবলৈ পুৱাই কিবা এটা ভাবি লয় যে মই কপিল শৰ্মা হ’বই লাগিব। এতিয়া তেওঁৰ লক্ষ্য কপিল শৰ্মা হোৱা, কমেডী কিং কপিল শৰ্মা হোৱা। গতিকে অসমৰ কপিল শৰ্মাক ৰাইজে এনেকৈ চিনি পায়েই থাকিব।