বিশেষ বাৰ্তা, ১ অক্টোবৰঃ ৰাজ্যৰ একাংশ বিদ্যালয়ত ছাত্র–ছাত্রীৰ উপস্থিতিৰ সংখ্যাক লৈ বিদ্যালয় কর্তৃপক্ষই দাখিল কৰি অহা ভুৱা তথ্যৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতিৰে থিয় দিছে শিক্ষা বিভাগ৷ ছদ্মবেশী একাংশ শিক্ষার্থীৰ নামত একাংশ প্রধান শিক্ষক তথা স্কুল কর্তৃপক্ষই মধ্যাহ্ণ ভোজনৰ ধন তথা আন শিতানত আবণ্টিত ধন হৰলুকী কৰি অহাৰ অভিযোগ দীর্ঘদিনীয়া৷ এনে অভিযোগ আৰু ছাত্র–ছাত্রীক লৈ চলাই অহা লুণ্ঠনৰ বিৰুদ্ধে শিক্ষা বিভাগে অহা ৩ অক্টোবৰৰ পৰা বাধ্যতামূলকভাৱে প্রৱর্তন কৰিব শিক্ষাসেতু প’র্টেল৷ মুখ্যতঃ ইয়াৰ জৰিয়তে বিদ্যালয়ত কিমানসংখ্যক ছাত্র–ছাত্রী তথা শিক্ষক উপস্থিত থাকে, তাৰ তথ্য বিভাগে সংগ্রহ কৰিব৷ ৩ অক্টোবৰৰ পৰা প্রতিখন শিক্ষানুষ্ঠানত বাধ্যতামূলকভাৱে ব্যৱহাৰ হ’ব লগা শিক্ষাসেতু প’র্টেলত ছাত্র–ছাত্রীৰ উপস্থিতিৰ তথ্য আপলোড কৰিব লাগিব স্কুল কর্তৃপক্ষই৷ আজি আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ বিগত সময়ছোৱাত শিক্ষাসেতু এপক লৈ একাংশ শিক্ষক সন্থাই কৰি অহা আপত্তি তথা শিক্ষাসেতু এপত কাৰিকৰীভাৱে বিসংগতি থকা বুলি উত্থাপন কৰি অহা অভিযোগৰ বিপৰীতে শিক্ষামন্ত্রীগৰাকীৰ স্পষ্ট ঘোষণা– শিক্ষা ব্যৱস্থা স্বচ্ছ কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰা শিক্ষাসেতু অসম প’র্টেল এপত দিব লাগিব সকলো তথ্য৷ ইণ্টাৰনেট নথকাৰ অসুবিধাও শিক্ষকে দেখুৱাব নোৱাৰিব৷ খানাপাৰাৰ প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত শিক্ষাসেতু প’র্টেলক লৈ সৃষ্টি হৈ থকা বিতর্ক তথা চর্চাৰ সন্দর্ভত সবিশেষ প্রকাশ কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে ৩ অক্টোবৰৰ পৰা ৰাজ্যৰ প্রতিখন বিদ্যালয় শিক্ষা বিভাগৰ নজৰত থাকিব৷ মুখ্যতঃ শিক্ষা ব্যৱস্থাত স্বচ্ছতা অনাৰ বাবে এই বিশেষ পদক্ষেপ চৰকাৰে গ্রহণ কৰিছে৷ নতুন শিক্ষানীতিৰ অধীনত শিক্ষাসেতু অসম প’র্টেল আৰু ম’বাইল এপত শিক্ষকে অতিৰিক্ত ছাত্র–ছাত্রীৰ উপস্থিতি আপলোড কৰিব লাগিব৷ মন কৰিবলগীয়া যে ৰাজ্যত ৪৪,৭৩৫খন বিদ্যালয় আছে৷ আনহাতে এই বিদ্যালয়সমূহত সর্বমুঠ শিক্ষক–কর্মচাৰী আছে ২,৩৫,৩৮৭গৰাকী৷ ইয়াৰে শিক্ষাসেতু প’র্টেলত নাম পঞ্জীয়ন হৈছে ২,১৩,৬৮৫গৰাকীৰ৷ শিক্ষামন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে একাংশ বিদ্যালয়ৰ প্রধান শিক্ষকে ছাত্র–ছাত্রীৰ উপস্থিতি যিমানসংখ্যক দেখুৱাই আহিছে, তাৰ বিপৰীতে কিন্তু বিদ্যালয়সমূহত যথেষ্ট কমসংখ্যক ছাত্র–ছাত্রীহে উপস্থিত থাকে৷ অর্থাৎ একাংশ ছদ্মবেশী ছাত্র–ছাত্রীৰ নামত বিদ্যালয় কর্তৃপক্ষই সংগ্রহ কৰি আহিছে মধ্যাহ্ণ ভোজনৰ খাদ্য সামগ্রী, বিনামূলীয়া পাঠ্যপুথি, ইউনিফর্মৰ লগতে আন সুবিধাসমূহ৷ আনহাতে এই ছদ্মবেশী ছাত্র–ছাত্রীৰ লগতে একাংশ শিক্ষকৰ উপস্থিতিও নিয়মীয়া নহয়৷ যাৰ ফলত শিক্ষাৰ ক্ষেত্রখনত ইয়াৰ যথেষ্ট প্রভাৱ পৰিছে৷ শিক্ষাসেতু প’র্টেলৰ জৰিয়তে বিভাগে এতিয়াৰে পৰা এখন বিদ্যালয়ত প্রতিদিনে কিমানসংখ্যক ছাত্র–ছাত্রী উপস্থিত থাকে, শিক্ষকসকল উপস্থিত থাকে নে নাই তাৰ তথ্য লাভ কৰি থাকিব৷ আনহাতে শিক্ষাসেতু প’র্টেলক লৈ একাংশ শিক্ষক সন্থাই ইণ্টাৰনেটৰ অসুবিধা দেখুৱাই থকা সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে আজি স্পষ্ট কৰি দিয়ে যে ইণ্টাৰনেটৰ অসুবিধাক লৈ কোনো অজুহাত দেখুৱাব নোৱাৰিব৷ বিদ্যালয়সমূহক যোগান ধৰা টেবলেটৰ জৰিয়তে ছাত্র–ছাত্রীসকলৰ উপস্থিতি সংগ্রহ কৰিব আৰু ইণ্টাৰনেট থকা স্থানলৈ আহি এই উপস্থিতি এপত আপলোড কৰিব লাগিব৷ শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে শিক্ষাসেতু এপৰ জৰিয়তে কেৱল ছাত্র–ছাত্রী, শিক্ষকৰ উপস্থিতিয়েই নহয়, একোখন বিদ্যালয়ৰ সা–সুবিধা, শিক্ষকৰ অভাৱ, বিষয় শিক্ষকৰ অভাৱ, ভাষাক লৈ সৃষ্টি হোৱা সমস্যা আদিৰ বিষয়েও তন্ন তন্নকৈ পৰীক্ষা কৰিব পাৰিব৷ অর্থাৎ অহা ৩ মাহৰ ভিতৰত ৰাজ্যৰ বিদ্যালয়সমূহৰ পৰা কিমানসংখ্যক শিক্ষকে অৱসৰগ্রহণ কৰিব, তাৰ তথ্য ইতিমধ্যে শিক্ষাসেতু প’র্টেলত আহি পৰিছে৷ সমান্তৰালভাৱে এগৰাকী শিক্ষকৰ মাতৃভাষা কি, অর্থাৎ তেওঁ পাঠদান কৰা বিদ্যালয়খনৰ স্থানীয় ভাষাৰ সৈতে তেওঁৰ মাতৃভাষাৰ মিল আছেনে নাই, সেই সম্পর্কে শিক্ষাসেতুৰ জৰিয়তে তথ্য লাভ কৰিব পৰা যাব৷ দৰাচলতে নতুন ৰাষ্ট্রীয় শিক্ষানীতিক অনুকৰণ কৰি এই প’র্টেল আৰম্ভ কৰা হৈছে৷ এইক্ষেত্রত একোটা অঞ্চলত থকা একোখন বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে মাতৃভাষা হিচাপে কি ভাষা ব্যৱহাৰ কৰে, তাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়া হ’ব৷ অর্থাৎ অসমীয়া মাধ্যমৰ বিদ্যালয় এখনত যাতে বেংগলী মাতৃভাষা থকা শিক্ষকে নিযুক্তি নাপায়, সেই দিশত নজৰ দিয়া হৈছে৷ একেদৰে কোনো এজন শিক্ষকৰ ভাষা বড়ো, কিন্তু তেওঁ অসমীয়া বিষয়ৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে৷ ইয়াৰ বিপৰীতে তেওঁৰ কাষৰ বিদ্যালয়খনত বড়ো মাতৃভাষাৰ এজন শিক্ষকৰ প্রয়োজন৷ তেনেক্ষেত্রত এই শিক্ষকজনক কাষৰ বিদ্যালয়লৈ বদলি কৰাৰ ব্যৱস্থা কৰা হ’ব৷ এই বিষয়টো শিক্ষাসেতু প’র্টেলৰ জৰিয়তে বিভাগে লাভ কৰিব পাৰিব৷ শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে শিক্ষাসেতু প’র্টেলৰ জৰিয়তে একাংশ শিক্ষকৰ বিৰুদ্ধে শিক্ষা বিভাগে শাস্তিমূলক ব্যৱস্থা লোৱাৰ লক্ষ্যৰে ইয়াক আৰম্ভ কৰা নাই৷ বিভাগৰ উদ্দেশ্য হ’ল বিদ্যালয়সমূহত সংঘটিত হৈ থকা খেলিমেলি তথা অনিয়মসমূহ নির্মূল কৰা৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে শিক্ষা প’র্টেলত আপলোড কৰা ছাত্র–ছাত্রীৰ উপস্থিতিৰ তথ্য আর্টিফিচিয়েল ইণ্টেলিজেঞ্চীৰ দ্বাৰা চিনাক্ত কৰা হ’ব৷ উল্লেখ্য যে শেহতীয়াকৈ শিক্ষা বিভাগে বিদ্যালয় পৰিচালনাৰ ক্ষেত্রত বিদ্যালয়ৰ নিয়মাৱলী প্রকাশ কৰিছে৷ এই নিয়মাৱলীৰ জৰিয়তে ছাত্র–ছাত্রীৰ জীৱনৰ বাবে প্রয়োজনীয় অনুশাসন কেনেধৰণৰ হ’ব লাগে, তাক বিদ্যালয়তে আৰম্ভ কৰা হ’ব৷ এই নিয়মাৱলী অনুসৰি ৰাজ্যৰ চৰকাৰী আৰু প্রাদেশীকৃত বিদ্যালয়সমূহে তিনিখন শৈক্ষিকপঞ্জী মানি চলিব লাগিব৷ এই বিদ্যালয়ৰ নিয়মাৱলীত বিশেষ শিতানত দিশ উল্লেখ কৰা হৈছে৷ বিশেষকৈ ছাত্র–ছাত্রীসকলৰ সহঃ পাঠ্যক্রমিক ক্রিয়াকলাপৰ জৰিয়তে বিকাশত গুৰুত্ব দিয়া হৈছে৷ ইয়াৰ বাবে একোখন বিদ্যালয়ত চিত্রকলা, নাটক, ফেশ্বন ডিজাইন, সংগীত, সংসদৰ মডেল আখৰা, বিদ্যালয় আলোচনী, তর্ক, একক বত্তৃণতা, আকস্মিক বত্তৃণতাৰ আয়োজন, ৰচনা আৰু সাধু লিখন, আবৃত্তি আদি অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰা হৈছে৷ এই অনুসৰি এখন বিদ্যালয়ে ওচৰৰ নিম্নস্তৰৰ বিদ্যালয় এখনলৈ গৈ প্রয়োজনীয় শৈক্ষিক আৰু অন্যান্য সহায় আগবঢ়োৱাৰ কথাও উল্লেখ কৰা হৈছে৷ বিদ্যালয়ৰ নিয়মাৱলীত গণিত আৰু বিজ্ঞান বিষয়ত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ সকলো বিদ্যালয়ত ২৮ ফেব্রুৱাৰীৰ দিনটো ৰাষ্ট্রীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা, ১৫ মার্চত ৰাষ্ট্রীয় গণিত দিৱস পালন কৰা, ১০ নৱেম্বৰত বিশ্ব বিজ্ঞান দিৱস আদি পালন কৰিবলৈ পৰামর্শ দিয়া হৈছে৷
Prev Post
You might also like