নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নাৰী শক্তি বন্দন আইন

সুদীর্ঘ ২৭ বছৰে ৰাজনৈতিক মেৰপেঁচত বন্দী মহিলা সংৰক্ষণ বিধেয়ক তথা নাৰী শক্তি বন্দন বিধেয়ক, ২০২৩ত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে ২৯ ছেপ্টেম্বৰত মোহৰ লগালে৷ লোকসভা আৰু ৰাজ্যসভাত নাৰী সংৰক্ষণৰ বিধেয়কখন গৃহীত হোৱাৰ পাছত উপ–ৰাষ্ট্রপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে ২৮ ছেপ্টেম্বৰত স্বাক্ষৰ কৰাৰ পিছত ৰাষ্ট্রপতিগৰাকীয়ে স্বাক্ষৰ কৰাৰ লগে লগে দেশৰ ৰাজনৈতিক ক্ষেত্রখনত মহিলা সবলীকৰণৰ নতুন দিগন্তৰ সূচনা হৈছে৷ নাৰী শক্তি বন্দন আইনখনৰ অধীনত এতিয়া দেশৰ উভয় সদনৰ লগতে ৰাজ্যসমূহৰ বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষিত হ’ব৷ নাৰী শক্তি বন্দন আইনখন নিশ্চিতভাৱে আমাৰ দেশৰ বাবে এক ঐতিহাসিক আইনৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে৷ দেশৰ জনসংখ্যাৰ ৪৯ শতাংশই মহিলা যদিও দেশৰ প্রতিটো ক্ষেত্রত মহিলাৰ প্রতিনিধিত্ব এতিয়াও আশাব্যঞ্জক নহয়৷ দীর্ঘকাল ধৰি মহিলাৰ জনপ্রতিনিধিত্বক লৈ দাবী উত্থাপন হৈ আহিছে যদিও কার্যক্ষেত্রত মহিলাসকলক ৰাজনৈতিকভাৱে সবলীকৰণৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰি আহিছে একাংশ ৰাজনৈতিক দলে৷ মহিলা সংৰক্ষণ বিধেয়কখন ১৯৯৬ত প্রথমবাৰৰ বাবে লোকসভাৰ মজিয়াত উত্থাপন কৰা হৈছিল৷ সেই সময়ত সংযুক্ত মর্চা চৰকাৰৰ প্রধানমন্ত্রীৰ আসনত আছিল এইচ ডি দেৱেগৌড়া৷ বিধেয়কখনক লৈ একাংশ ৰাজনৈতিক নেতাৰ তীব্র বিৰোধিতাৰ বাবে বিধেয়কখন বিবেচনাৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্রেৰণ কৰা হৈছিল৷ যুটীয়া সমিতিখনে প্রতিবেদন দাখিল কৰাৰ সময়তে এইচ ডি দেৱেগৌড়া চৰকাৰৰ কার্যকাল শেষ হোৱাৰ বাবে বিধেয়কখন উত্থাপন কৰাৰ সুযোগ নোলাল৷ ১৯৯৮ত প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কার্যকালত উক্ত বিধেয়কখন পুনৰ উত্থাপন হৈছিল যদিও অধিকাংশ ৰাজনৈতিক দলৰ প্রতিনিধিৰ বিৰোধিতাৰ বাবে সফল হোৱা নাছিল৷ উক্ত বিধেয়কখন একেদৰে ১৯৯৯, ২০০২ আৰু ২০০৩ত লোকসভাৰ মজিয়াত উত্থাপন হৈছিল যদিও অনুমোদনৰ বাবে প্রয়োজনীয় সঁহাৰি নাছিল৷ ২০০৪ত ইউপিএ চৰকাৰ ক্ষমতালৈ অহাৰ সময়ছোৱাত প্রধানমন্ত্রী ড০ মনমোহন সিঙে ২০০৮ত মহিলা সংৰক্ষণ বিধেয়কখন সংসদত উত্থাপন কৰিছিল৷ অৱশ্যে উক্ত বিধেয়কখন প্রথমে ৰাজ্যসভাত উত্থাপন কৰিছিল আৰু ২০১০ৰ ৯ মার্চত গৃহীতও হৈছিল৷ কিন্তু সেই সময়ৰ চৰকাৰৰ অংশীদাৰ আৰ জে ডি, সমাজবাদী পার্টী, জনতা দল (ইউনাইটেড)ৰ দৰে একাংশ ৰাজনৈতিক দলৰ তীব্র বিৰোধিতাৰ বাবে গুৰুত্বপূর্ণ বিধেয়কখন লোকসভাৰ মজিয়াত উত্থাপন কৰিবলৈ সক্ষম হোৱা নাছিল ড০ মনমোহন সিং নেতৃত্বাধীন চৰকাৰখনে৷ ২০১৪ৰ লোকসভা নির্বাচনৰ সময়ত বিজেপিৰ নির্বাচনী ইস্তাহাৰৰ অন্যতম প্রতিশ্রুতি আছিল মহিলা সংৰক্ষণ বিধেয়কখন৷ কিন্তু প্রথমটো কার্যকালত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনে বিধেয়কখন সংসদত উত্থাপন নকৰিলে৷ ইয়াৰ মূলতেও আছিল এন ডি এৰ অংশীদাৰ একাংশ দলৰ বিৰোধিতা৷ ২০১৯ৰ লোকসভা নির্বাচনত অধিক শক্তিৰে দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত কার্যকালৰ অন্তিম সময়ছোৱাত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰিবলৈ সক্ষম হৈছে৷

দেশৰ মুঠ জনসংখ্যাৰ প্রায় অর্ধেক মহিলা হোৱা সত্ত্বেও ৰাজনীতিত মহিলাৰ প্রতিনিধিত্ব এতিয়াও পুতৌজনক৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰা হৈছে৷ কিন্তু পঞ্চায়ত আৰু স্থানীয় নিকায়ৰ নির্বাচনসমূহক বাদ দি ৰাজ্যসমূহৰ বিধানসভা, লোকসভা আৰু ৰাজ্যসভাত মহিলাৰ প্রতিনিধিত্ব এতিয়াও হতাশাজনক হৈ আছে৷ দেশৰ প্রথম লোকসভা (১৯৫২–১৯৫৭)লৈ নির্বাচিত হৈছিল ২৪গৰাকী মহিলা প্রতিনিধি৷ অর্থাৎ ৪.৪ শতাংশ মহিলা৷ চলিত সপ্তদশ লোকসভাত মহিলা প্রতিনিধিৰ সংখ্যা হৈছেগৈ মাথোঁ ৮২গৰাকী৷ লোকসভাৰ মজিয়াত মহিলাৰ প্রতিনিধিত্ব বর্তমান ১৪.৯ শতাংশ৷ একেদৰে ১৯৫২ত ৰাজ্যসভালৈ নির্বাচিত মহিলাৰ সংখ্যা আছিল ১৫গৰাকী (৬.৯ শতাংশ)৷ ২০২৩ত ৰাজ্যসভালৈ নির্বাচিত মহিলাৰ সংখ্যা ৩১গৰাকী (১৩.২ শতাংশ)৷ ১৯৫২ৰ পৰা ২০২৩লৈকে ৰাজ্যসভালৈ নির্বাচিত হৈছে ২,৪২৩গৰাকী প্রতিনিধি৷ ইয়াৰে মাথোঁ ২১৯ গৰাকীহে মহিলা৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত ৰাজ্যসভালৈ নির্বাচিত মহিলা প্রতিনিধিৰ সংখ্যা ৯ শতাংশতে সীমাবদ্ধ হৈ আছে৷ মাথোঁ ৰাজ্যসভা অথবা লোকসভাৰ মজিয়াতেই নহয়, দেশৰ কোনো এখন ৰাজ্য নাই যিখন ৰাজ্যৰ বিধানসভাত মহিলাসকলে যোগ্য প্রতিনিধিত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ সম্প্রতি উত্তৰ প্রদেশ বিধানসভাত ১১.৭ শতাংশ, ৰাজস্থানত ১২ শতাংশ৷ পঞ্জাবত ১১.১ শতাংশ, হাৰিয়ানাত ১০ শতাংশ, দিল্লীত ১১.৪ শতাংশ, গুজৰাটত ৭.১ শতাংশ, মহাৰাষ্ট্রত ৮.৩ শতাংশ, কর্ণাটকত ৩.৬ শতাংশ, গোৱাত ৭.৫ শতাংশ, কেৰালাত ৭.৯ শতাংশ, তামিলনাডুত ৫.১ শতাংশ, হিমাচল প্রদেশত ১.৫ শতাংশ, উত্তৰাখণ্ডত ১১.৪ শতাংশ, ওডিশাত ৮.৯ শতাংশ, ঝাৰখণ্ডত ১২.৪ শতাংশ, বিহাৰত ১০.৭ শতাংশ, পশ্চিমবংগত ১৩.৭ শতাংশ, ছত্তিশগড়ত ১৪.৪ শতাংশ, পুডুচেৰীত ৩.৩ শতাংশ, অন্ধ্রপ্রদেশত ৮ শতাংশ, তেলেংগানাত ৫ শতাংশ, ছিকিমত ৯.৪ শতাংশ, অসমত ৪.৮ শতাংশ, মেঘালয়ত ৫ শতাংশ, নাগালেণ্ডত ৩.৩ শতাংশ, অৰুণাচলত ৫ শতাংশ, মণিপুৰত ৮.৩ শতাংশ, ত্রিপুৰাত ১৫ শতাংশ মহিলাৰ প্রতিনিধিত্ব আছে৷ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামৰ শিক্ষিত লোকৰ হাৰ সর্বাধিক যদিও ৰাজ্যখনৰ ৰাজনীতিত মহিলাৰ প্রতিনিধিত্ব অতিকৈ দুখলগা৷ মিজোৰাম বিধানসভাত মহিলাৰ প্রতিনিধিত্ব নাই৷ দেশৰ প্রধান ৰাজনৈতিক দলসমূহে নির্বাচনত মহিলাসকলক যোগ্য প্রতিনিধিত্ব প্রদানৰ বাবে পদক্ষেপ গ্রহণ কৰা নাই৷ ২০১৯ৰ লোকসভা নির্বাচনত বিজেপিয়ে ৪৩৫গৰাকী প্রার্থীৰ ভিতৰত ৫৫গৰাকী মহিলাক (১২.৬ শতাংশ) প্রার্থিত্ব প্রদান কৰিছিল৷ একেদৰে কংগ্রেছৰ ৪২০গৰাকী প্রার্থীৰ ভিতৰত মহিলা প্রার্থীৰ সংখ্যা আছিল ৫৪গৰাকী (১২.৮ শতাংশ)৷ মাথোঁ নাৰী শক্তি বন্দন আইনখন ২০২৯ৰ লোকসভা নির্বাচনত কার্যকৰীকৰণ কৰাৰ প্রতিশ্রুতি দিছে কেন্দ্রীয় চৰকাৰে৷ পলমকৈ হ’লেও উক্ত আইনখন কার্যকৰী হ’লে দেশৰ ৰাজনীতিত মহিলা সবলীকৰণে নতুন মাত্রা লাভ কৰিব৷

You might also like