নিয়মীয়া বার্তা, ১৯ ফেব্রুৱাৰীঃ আৰক্ষী অধুনিকীকৰণক লৈ বিভিন্ন পর্যায়ত গ্রহণ কৰা আঁচনিৰ বিপৰীতে ৰাজ্যৰ প্রতিখন আৰক্ষী থানাত মীমাংসা নোহোৱাকৈ ওলমি ৰৈছে একাধিক গোচৰ৷ এইক্ষেত্রত সর্বাধিক গুৱাহাটী মহানগৰৰ প্রায় আটাইকেইখন থানাত পৰি আছে সহস্রাধিক গোচৰ৷ লক্ষণীয়ভাৱে ৰাজধানী সুৰক্ষাৰ দায়িত্বত থকা দিছপুৰ আৰক্ষী থানাত বিগত সময়ছোৱাত অমীমাংসিতভাৱে ওলমি ৰোৱা গোচৰে সকলোৰে চকু কপালত তুলিছে৷ খোদ আৰক্ষী সঞ্চালকপ্রধানে প্রকাশ কৰা তথ্য অনুসৰি দিছপুৰ আৰক্ষী থানাত অমীমাংসিতভাৱে থকা গোচৰৰ সংখ্যা হ’ল ১১ হাজাৰ৷ অলপতে নর্থ–ইষ্ট লাইভ নিউজ চেনেলৰ সৈতে হোৱা এক বার্তালাপত এই তথ্য প্রকাশ কৰিছে আৰক্ষী সঞ্চালকপ্রধানগৰা৷ গুৱাহাটী মহানগৰীৰ আইন–শৃংখলা পৰিস্থিতি সন্দর্ভত তথ্য দাঙি ধৰি শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে প্রকাশ কৰা অনুসৰি দিছপুৰ আৰক্ষী থানাই নহয়, মহানগৰীৰ প্রায় আটাইকেইখন থানাতে সৰু–বৰ বৃহৎসংখ্যক গোচৰ মীমাংসা নোহোৱাকৈ পৰি ৰৈছে৷ উল্লেখ্য যে অসম আৰক্ষীত একাধিক পদ এতিয়াও পূৰণ নোহোৱাকৈ আছে৷ এনে অৱস্থাত প্রতিখন থানাত সীমিতসংখ্যক বিষয়া আৰু জোৱানেৰে কাম চলাবলগীয়া হৈছে৷ এনে অৱস্থাত প্রতিদিনে পঞ্জীভুক্ত হোৱা গোচৰৰ তদন্ত তথা অনুসন্ধান লেহেমীয়া গতিৰে আগবঢ়াৰ ফলত বছৰ বছৰ ধৰি কোনো মীমাংসা নোহোৱাকৈ গোচৰসমূহ পৰি ৰৈছে৷ আৰক্ষী সঞ্চালকপ্রধানগৰা ইয়াকো উল্লেখ কৰে যে গুৱাহাটীৰ আইন–শৃংখলাৰ দিশটোৰ ক্ষেত্রত আৰক্ষীয়ে গুৰুত্ব দিয়াৰ লগতে মহিলা আৰু শিশুৰ সুৰক্ষাৰ দিশটোক সর্বাধিক অগ্রাধিকাৰ দিছে৷ সমান্তৰালভাৱে ড্রাগছ সৰবৰাহ আৰু চাইবাৰ ক্রাইমৰ ক্ষেত্রতো মহানগৰীৰ থানাসমূহে বিশেষ প্রত্যাহ্বান গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে ৰাজধানীৰ ভি–আই–পিৰ সুৰক্ষাত নিয়োজিত দিছপুৰ আৰক্ষী থানাত প্রতিদিনে গড় হিচাপত ১০–১২টাকৈ গোচৰ ৰুজু হয়৷ সমান্তৰালভাৱে ট্রেফিক আৰক্ষীয়েও একাধিক গোচৰ ৰুজু কৰে৷ ইয়াৰ বিপৰীতে কিন্তু আৰক্ষী থানাখনত নাই পর্যাপ্ত বিষয়া তথা কর্মচাৰী৷ আনকি যোৱা দীর্ঘদিন ধৰি পৰিত্যক্ত চৰকাৰী গৃহ এটাতহে চলি আছে থানাখন৷ এনে অৱস্থাত তদন্তহীনভাৱে পৰি ৰোৱা গোচৰৰ সংখ্যাই ১১ হাজাৰ স্পর্শ কৰাটো প্রায় স্বাভাৱিক বুলি পৰিগণিত হৈছে৷ বিষয়টোক লৈ শীর্ষ আৰক্ষী বিষয়া তথা গৃহ বিভাগেও নিজৰ অসহায় অৱস্থাটো ইতিপূর্বে স্বীকাৰ কৰি লৈছে৷ আনকি দিছপুৰ আৰক্ষীৰ এনে অসহায় অৱস্থাক লৈ অসম বিধানসভাৰ মজিয়াতো আলোচনা হৈছিল যদিও এইক্ষেত্রত কোনো ফলপ্রসূ পদক্ষেপ গৃহ বিভাগে গ্রহণ কৰিবলৈ সক্ষম নহ’ল৷