নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰ : বৰপেটাৰ চেঙা সমষ্টিৰ ৩৪নং খোলাবান্ধা গাঁও পঞ্চায়তত আজি এক উচৱমুখৰ পৰিবেশ। সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত সুসজ্জিত মাটিৰ কলহ হাতে-হাতে লৈ সমদল কৰিলে সহস্ৰাধিক মহিলাই। বিভাগীয় নিৰ্দেশনা মৰ্মে আজিৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে বৰপেটা জিলাৰ লোকনিৰ্মাণ আৰু গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তা নৃপেন মেধিয়ে। “ভাৰত মাতা কী জয়, বন্দে মাতৰম, অমৃত কলহ যাত্ৰা জিন্দাবাদ” আদি বিভিন্ন শ্ল’গান দি সহস্ৰাধিক মহিলাই ৰাজপথত হাতে-হাতে পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ পৰা মাটি সংগ্ৰহ কৰি হৰ্ষোল্লাসৰ মাজত পঞ্চায়ত কাৰ্যালয়লৈ লৈ যায়। আজি শোভাযাত্ৰা কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি নৃপেন মেধিয়ে সমদলকাৰীৰ সতে পঞ্চায়ত কাৰ্যালয়লৈ পদব্ৰজে গৈ অমৃত কলহৰ মাটি আনুষ্ঠানিকভাবে গ্ৰহণ কৰে। পঞ্চায়ত প্ৰাঙ্গণত পঞ্চায়তৰ সভানেত্ৰী শ্বাহনাজ আখটাৰৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্টুপীয়া সভাত কাৰ্যবাহী অভিযন্তা মেধিয়ে দিয়া চমু ভাষণত সংখ্যালঘু বসতি প্ৰধান চৰাঞ্চলত ৰাইজৰ স্বদেশপ্ৰেমৰ শ্ল’গান আৰু অমৃত কলহ যাত্ৰাত পঞ্চায়ত খনৰ পুৰুষ-মহিলা সকলোৰে এনে অভিলেখ সংখ্যক অংশগ্ৰহণ প্ৰত্যক্ষ কৰি অভিভূত হোৱা বুলিও উল্লেখ কৰে। পৰৱৰ্তী সময়ত কাৰ্যবাহী অভিযন্তা গৰাকীয়ে বিভাগীয় আৱণ্টনত নিৰ্মীয়মাণ খোলাবান্ধা হাইস্কুলৰ ৩ কোটি ৫৩ লাখ টকা ব্যয়সাপেক্ষ বিদ্যালয় গৃহৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। বিষয়া গৰাকীয়ে সাংবাদিকৰ আগত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত হোৱা চৰাঞ্চলৰ বিভিন্ন কামৰ উন্নয়নৰ কথা উল্লেখ কৰাৰ লগতে আনুসাংগিক বহু শিতান আৰু চৰকাৰী পৰিকল্পনাৰ কথাও উল্লেখ কৰে। প্ৰতিকুল বতৰ আৰু দুৰ্গম যাতায়ত অতিক্ৰমী জিলা কাৰ্যবাহী অভিযন্তা গৰাকীৰ আজিৰ এই কাৰ্যসূচীত উপস্থিত হোৱাত ৰাইজে যঠেষ্ট সন্তোষ প্ৰকাশ কৰি বিষয়াগৰাকীৰ শলাগ লয়।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস