এছিয়ান গেমছত জেভলিন থ্ৰোত নীৰজ চোপ্ৰাৰ স্বৰ্ণ পদক
বিশেষ বাৰ্তা, ৪ অক্টোবৰঃ ভাৰতে আজি এছিয়ান গেমছত ১৮তম স্বৰ্ণ পদক লাভ কৰিছে। ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই পুনৰবাৰ জেভলিন নিক্ষেপত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ টিম ইণ্ডিয়াক স্বৰ্ণ পদক প্ৰদান কৰে। নীৰজৰ লগতে কিশোৰ জেনায়ো ভাল প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। দ্বিতীয় স্থানত আছে কিশোৰ। তেওঁ ৰূপৰ পদক লাভ কৰিছে। প্ৰথম প্ৰচেষ্টাত নীৰজে ৮২.৩৮ মিটাৰ নিক্ষেপ কৰে। দ্বিতীয় থ্ৰ’ত তেওঁ ৮৪.৪৯ মিটাৰ দূৰত্বলৈ নিক্ষেপ কৰে। চতুৰ্থ প্ৰচেষ্টাত তেওঁ ৮৮.৮৮ মিটাৰ দূৰত্বলৈ নিক্ষেপ কৰে। পঞ্চমটোত ৮০.৮০ মিটাৰ দূৰত্ব নিক্ষেপ কৰে। আনহাতে কিশোৰ জেনাৰ বেষ্ট থ্ৰ’টো আহিছিল চতুৰ্থ প্ৰচেষ্টাত। তেওঁ ৮৭.৫৪ মিটাৰ দূৰত্বলৈ নিক্ষেপ কৰে। এইদৰে নীৰজে স্বৰ্ণ পদক আৰু কিশোৰে ৰূপৰ পদক লাভ কৰে।