🔹 বন্যহস্তীৰ আক্ৰমণত সঞ্জিতা ৰছাইলীৰ প্ৰাণহানি
🔹 কুম্ভকৰ্ণ নিদ্ৰাত বিটিআৰ প্ৰশাসন তথা বন বিভাগ
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : ৰাজ্যত হাতী-মানুহৰ ভয়াৱহ সংঘাত অব্যাহত থকাৰ মাজতে ডিমাকুছিত তীব্ৰ ৰূপ ধাৰণ কৰিছে বন্যহস্তীৰ উপদ্ৰৱ । ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতিৰ ফলত ডিমাকুছিৰ ভূটান সীমান্তৰ ভোলাটাৰত হাতীৰ গচকত পুনৰ প্ৰাণ গ’ল এগৰাকী নিৰীহ মহিলাৰ ৷ জিলাখনৰ বাদলাপাৰা, বামুণজুলি, ঔৰংগাজুলি বৰংগাজুলি চাহ বাগিচাকে ধৰি বিভিন্ন ঠাইত আশ্ৰয় লৈ থকা এজাক বন্যহস্তীয়ে বৃহস্পতিবাৰে পুৱতি নিশা ভোলাটাৰ গাঁৱত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে কেইবাটাও বাসগৃহ। সেই সময়তে প্ৰাণৰ মমতাত ঘৰৰ পৰা নিৰাপদ ঠাইলৈ পলায়নৰ চেষ্টা কৰোঁতেই বন্যহস্তীৰ মুখামুখি হয় সঞ্জিতা ৰছাইলী নামৰ মহিলাগৰাকী । ফলত হাতীৰ গচকত থিতাতে নিহত হয় ২নং ভোলাটাৰ গাঁৱৰ সুৰজ সোণাৰৰ পত্নী সঞ্জিতা ৰছাইলী (২৫) নামৰ মহিলাগৰাকী ৷ ওৰেনিশা হাতীৰ জাকটোৱে তাণ্ডৱ চলায় গাঁওখনত ৷ ৰাইজে নিশাই বন বিভাগক বন্যহস্তীৰ তাণ্ডৱৰ বিষয়টো অৱগত কৰে যদিও বনকৰ্মী আৰু বন বিষয়াসকল অঞ্চলটোত সময় মতে উপস্থিত নোহোৱাত হাতীৰ জাকটোৱে গাঁওখনৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ ফলত বন বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। ইফালে, ওচৰত বন বিভাগৰ শাখা নোহোৱাত অঞ্চলটো অতি দুৰ্গম হোৱা বাবে বন বিভাগ সঠিক সময়ত উপস্থিত হ’বলৈ সক্ষম নোহোৱাৰ উপৰি স্থানীয় বৰনদী অভয়াৰণ্য আৰু ননৈ ৰেঞ্জত হাতী খেদিবলৈ নাই কোনোধৰণৰ সা-সুবিধা তথা বনকৰ্মী । বনকৰ্মীৰ ভাল বাহন নোহোৱা আৰু মাত্ৰ ৬গৰাকী বনকৰ্মীৰ দ্বাৰা বৃহত্তৰ অঞ্চলক সুৰক্ষা দিবলৈ নোৱাৰে স্থানীয় বনকৰ্মীয়ে । বাৰে বাৰে বিটিআৰপ্ৰধান প্ৰমোদ বড়ো আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অৱগত কৰাৰ পিছতো কিন্তু আজিলৈকে গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ । আজি ভোলাটাৰত কৰুণ ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰাত পুৱা ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷ জীৱশ্ৰেষ্ঠৰ দ্বাৰা ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু এলিফেণ্ট কৰিড’ৰসমূহ অবৈধভাৱে দখল কৰি বাসভূমি গঢ়ি তোলাৰ ফলত বিগত সময়ত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ বাবে এতিয়া জিলাখনৰ ভূটান সীমান্তৱৰ্ত্তী দুৰ্গম অঞ্চলটোত বনকৰ্মীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে বন্যহস্তীৰ বৃহৎ জাকৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অত্যাধুনিক সা-সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক অঞ্চলটোৰ ৰাইজে দাবী জনাইছে।
প্ৰেৰক পিংকু কলিতা