নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামা-পাঘালি অঞ্চলত যোৱানিশা আৰক্ষীয়ে অভিযান চলাই আঠটাকৈ গ্ৰেনেডসদৃশ গোলা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বোমা উদ্ধাৰৰ সন্ধানত নামা-পাঘালি অঞ্চলত অভিযান চলায় ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে নামা-পাঘালি অঞ্চলৰ এটা পথৰ দাঁতিত ৮টাকৈ গ্ৰেনেডসদৃশ গোলা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে উদ্ধাৰ কৰা বোমাসদৃশ গোলাকেইটা সুৰক্ষিত স্থানত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ যোৱানিশা উদ্ধাৰ কৰা গোলাকেইটা হস্তনিৰ্মিত বোমা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যদিও বোমা বিশেষজ্ঞই উক্ত বোমাসদৃশ গোলাকেইটা পৰীক্ষা কৰাৰ অন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, বোমাসদৃশ গোলাকেইটা উদ্ধাৰ হোৱা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ২৯২/২৩ নম্বৰত এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰমোদ শৰ্মা