নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত এজনৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : বিলাসীপাৰাৰ লক্ষীগঞ্জ আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ভষাণীগাঁৱত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । আজি পুৱা ১১ বজাত  বিলাসীপাৰা অভিমুখী তীব্ৰবেগী মটৰচাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এজন পথচাৰী । জানিব পৰা মতে, পুৱা ১১ বজাত ভাষাণীগাঁৱৰ আলতাপ হুছেইনে (৬৪) নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে বেলতলী-কোকৰাঝাৰ পথেৰে দোকানলৈ গৈ আছিল। এনেতে তীব্ৰবেগী এ এছ-১৭ এল- ৭২০০ নম্বৰৰ মটৰচাইকেল এখনে পথচাৰীজনক খুন্দা মাৰে। ওচৰ চুবুৰীয়া ঘটনাস্থলীত  উপস্থিত নৌহওঁতেই মটৰচাইকেলখন এৰি আৰোহী দুজনে পলায়ন কৰে। পিছত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত হুছেইনক  উদ্ধাৰ কৰি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰোৱায় যদিও বিয়লি প্ৰায় ৪.৩০ বজাত তেওঁৰ মৃত্যু হয়।
প্ৰেৰক সমৰেশ শীল শৰ্মা
You might also like