নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : আজি বিয়লি ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা ব্যস্ত ৰাজপথৰ দাঁতিত থকা বাহন এখনৰ খিৰিকীৰ আইনা ভাঙি সংঘটিত কৰা এটা চুৰিকাণ্ডক লৈ সৃষ্টি হৈছে চাঞ্চল্য। ভুক্তভোগী ফুলচান্দ আলী নামৰ ব্যক্তিগৰাকীৰ ভাষ্য অনুসৰি, আজি বেংকৰ পৰা ১ লাখ ৬০ হাজাৰ টকা উলিয়াইছিল তেওঁ। নিজৰ ছুইফট ডিজায়াৰ বাহনখনত এটা মোনাত টকা, চেক বহীকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ থৈ গাড়ীখন লক কৰি এটা কামলৈ গৈছিল তেওঁ। ধুবুৰী জিলাৰ আলমগঞ্জ ৭ম খণ্ডৰ বাসিন্দা তথা পেছাত ঠিকাদাৰ ফুলচান্দ আলীয়ে ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় সাংবাদিকক জনোৱা অনুসৰি, প্ৰায় এক-ডেৰ ঘন্টা পিছত কামটো কৰি উভতি অহাৰ পিছত তেওঁ নিজৰ গাড়ীখনৰ খিৰিকীৰ আইনা এখন ভঙা দেখা পায় আৰু ১ লাখ ৬০ হাজাৰ টকাকে ধৰি চেকবুক, অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ থকা মোনাটোও অন্তৰ্ধান হোৱা দেখে তেওঁ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্যক্তিগৰাকীয়ে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি প্ৰকাশ। উল্লেখনীয় যে ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত পৌৰসভাৰ সমীপৰ ৰাজপথৰ দাঁতিত থকা ফুলচান্দ আলীৰ এএছ-০১ পি এইচ-৫৩৭৬ নম্বৰৰ বাহনখন থকা ঠাইডোখৰৰ পৰা নাতিদূৰতে আছে ধুবৰীস্থ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী