নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ৬ কিলোমিটাৰ ‘অমৃত কলহ যাত্ৰা’ত অংশগ্ৰহণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বাৰ্তা বুৰো,  ৫ অক্টোবৰ : জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ বঘৰাত “মোৰ মাটি মোৰ দেশ” অভিযানৰ অধীনত “অমৃত কলহ যাত্ৰা” কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ জিলাখনৰ বঘৰা চাৰিআলিৰ পৰা বঘৰা পঞ্চায়তলৈকে প্ৰায় ৬ কিলোমিটাৰৰ এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশিস শৰ্মা আৰু তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে স্থানীয় লোক, পঞ্চায়ত প্ৰতিনিধিসকল, আত্মসহায়ক গোটৰ মহিলাসকল আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। পাতলীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ মাজতো সকলোৱে উৎসৱমুখৰ পৰিৱেশত অমৃত কলহ যাত্ৰাত অংশ লয়। ইয়াৰ পিছতেই বঘৰা পঞ্চায়ত কাৰ্যালয় চৌহদত আয়োজিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰথমেই বৰষুণত তিতি-বুৰিও স্বতঃস্ফূৰ্তভাৱে ওলাই আহি শোভাযাত্ৰাত অংশ লোৱা জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ বিশেষকৈ মহিলাসকলৰ উদ্যম আৰু প্ৰয়াসৰ শলাগ লয়। তেওঁ কয় যে উক্ত অঞ্চলটো নতুনকৈ জাগীৰোড সমষ্টিত অন্তৰ্ভুক্ত হৈছে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ উন্নয়নৰ বাবে ভৱিষ্যৎ সময়ত ৰাইজৰ সৈতে একেলগে কাম কৰি যোৱাৰ আশ্বাস দিয়ে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ডঃ সংগীতা বৰঠাকুৰে উপস্থিত ৰাইজক পঞ্চ পণ পাঠ কৰোৱায়। উল্লেখযোগ্য যে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰা সৰ্বতোপ্ৰকাৰে সফল কৰি তোলাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে প্ৰয়াস চলাইছে। এই কাৰ্যসূচী যাতে জিলাখনৰ গাঁৱে-ভূঞে সকলো ঠাইলৈকে সম্প্ৰসাৰিত হয় আৰু ৰাইজে দেশপ্ৰেমৰ ভাবধাৰাৰে উদ্বুদ্ধ লৈ স্বতঃস্ফুৰ্তভাৱে অংশ লয় সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত ঠায়ে ঠায়ে শোভাযাত্ৰা অনুষ্ঠিত কৰিছে। এই শোভাযাত্ৰাসমূহত ৰাইজৰ বিপুল অংশগ্ৰহণ পৰিলক্ষিত হৈছে। জিলাখনৰ ৮৫খন গাঁও পঞ্চায়তত “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচীৰ অধীনত বিভিন্ন অনুষ্ঠান অব্যাহত আছে। প্ৰতিটো অনুষ্ঠানত মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়ক, চৰকাৰী বিষয়া আৰু সমাজৰ বিশিষ্ট ব্যক্তিয়ে অংশ লৈছে। যোৱা ১ অক্টোবৰলৈকে প্ৰত্যেকটো ঘৰৰ পৰা মাটি সংগ্ৰহ কৰি ২ অক্টোবৰৰ পৰা এই সংগৃহীত মাটি অমৃত কলহত গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়লৈ অনা হৈছে। ৮ আৰু ১৫ অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ’ব। ২৫ অক্টোবৰত উন্নয়ন খণ্ড-পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ’ব। ২৬ অক্টোবৰত খণ্ড উন্নয়ন বিষয়া-পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ’ব। ২৭ অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড-পৌৰ এলেকাৰ পৰা সংগৃহীত ২০টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে যাত্ৰা কৰি ২৮ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ’ব। ইয়াৰ পাছত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ’ব।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like