নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাইট হাউছৰ পৰা বাইডেনে বিদায় দিলে ‘কমাণ্ডাৰ’ক

🔹 ১১জনক কামুৰিছিল ‘ফার্ষ্ট ডগ অৱ আমেৰিকা’ই

বিশেষ বাৰ্তা, ৬ অক্টোবৰ : বিগত দুবছৰত মুঠ ১১গৰাকী লোকক কামুৰিছে ! আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ চৰকাৰী বাসভৱন হোৱাইট হাউছৰ লগতে ডেলাৱাৰত থকা পৰিয়ালৰ বাসগৃহতো পোহনীয়া কুকুৰ ‘কমাণ্ডাৰ’–এ আক্রমণ চলাইছে নিৰাপত্তাৰক্ষী তথা চোৰাংচোৱা বিষয়াসকলৰ ওপৰত৷ এটাৰ পাছত এটাকৈ এনে ঘটনা সংঘটিত হোৱাৰ বাবেই পোহনীয়া জার্মান চেফার্ড কুকুৰটোক অন্য স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত ল’লে ৰাষ্ট্রপতি বাইডেনে৷ আমেৰিকাৰ কেইবাটাও সংবাদ মাধ্যমে এই তথ্য সদৰী কৰিছে৷ যোৱা মাহত বাইডেনৰ নিৰাপত্তাৰ দায়িত্বত থকা চোৰাংচোৱা বিভাগৰ এগৰাকী কর্মীক ‘কমাণ্ডাৰ’–এ কামুৰিছিল৷ আহত এই চোৰাংচোৱা কর্মীগৰাকীয়ে দীর্ঘদিন ধৰি চিকিৎসা কৰাবলগীয়া হৈছিল৷ লক্ষণীয় যে বাইডেনৰ এই কুকুৰটোক হোৱাইট হাউছত ‘ফার্ষ্ট ডগ অৱ আমেৰিকা’ বুলি অভিহিত কৰা হৈছিল৷ সেই ‘কমাণ্ডাৰ’কেই এতিয়া বাইডেনে স্থানান্তৰ কৰাৰ নির্দেশ দিছে৷ অৱশ্যে ‘কমাণ্ডাৰ’ক কোন স্থানলৈ প্রেৰণ কৰা হ’ব, সেয়া স্পষ্ট কৰা নাই সংবাদ সংস্থাসমূহে৷

You might also like