নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ বজালীৰ সদৰ পাঠশালা নগৰত দীৰ্ঘদিন ধৰি চলাই অহা অবৈধ সুৰাৰ এক ব্যৱসায় আজি বজালী আৰক্ষীয়ে উৎখাট কৰিবলৈ সক্ষম হয়৷ এক বিশেষ সূত্ৰৰ পম খেদি বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে সন্ধিয়া অভিযান চলাই পাঠশালাৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিআলিৰ দাতিত চাইকেলৰ ব্যৱসায় কৰা অনিল তালুকদাৰ নামৰ ব্যৱসায়ীগৰাকীৰ দোকানত গেপনে ৰাখি থোৱা কেবা কাৰ্টন সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্যযে চাইকেলৰ দোকান দি তালুকদাৰে অবৈধভাবে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা বুলি অভিযোগ উঠিছে৷ অভিযানত ব্যৱসায়ীগৰাকীক বজালী আৰক্ষীয়ে কৰায়ত্ত কৰাৰ লগতে বিভিন্ন ব্ৰেণ্ডৰ কেবা কাৰ্টনো বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয়৷ ইপিনে বজালীত বিয়াগোম আৱকাৰী বিভাগ এটা থকাৰ পাছতো কেনেদৰে অতি ব্যস্ততাপূৰ্ণ অঞ্চলটোত এনেদৰে অবৈধ সুৰাৰ ব্যৱসায় কৰিব পাৰে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰাৰ লগতে আৱকাৰী বিভাগটোৱে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাৰ পৰিবৰ্তে আৰক্ষীয়ে উৎখাট কৰিবলগীয়া ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷
প্ৰেৰকঃ কল্যাণ কলিতা