নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পাল দম্পতী’ৰ প্ৰৱঞ্চনাত সৰ্বহাৰা গোসাঁইগাঁৱৰ অৰ্ধশতাধিক লোক

নিয়মীয়া বাৰ্তা, ৯ অক্টোৱৰ : কম সময়ত অধিক মুনাফা লাভৰ আশা দি গোসাঁইগাঁৱৰ এহাল দম্পতীয়ে হিন্দি চিনেমা “বান্তি অৰ বাব্লি”ৰ কায়দাৰে প্ৰৱঞ্চনা জাল পাতি দুই কোটিৰো অধিক ধন সংগ্ৰহ কৰি উধাও হোৱা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰায় অৰ্ধশতাধিক পৰিয়ালে এনে প্ৰৱঞ্চনাৰ জালত পৰি এতিয়া দিশহাৰা হৈ পৰিছে৷ ঘটনাৰ সবিশেষ জানিৱ পৰা মতে, গোসাঁইগাঁও সদৰ চহৰখনৰ চাৰি নং ৱাৰ্ডৰ বাসিন্দা সহদেৱ পাল আৰু তেওঁৰ পত্নী কবিতা পালে কম সময়ত অধিক মুনাফা দিয়াৰ প্ৰলোভন দেখুৱাই একাংশ সহজ সৰল পৰিয়ালক টাৰ্গেট কৰি লয় আৰু তেওঁলোকৰ পৰা শ্বেৰ মাৰ্কেট তথা অন্যান্য ব্যৱসায়ত বিনিয়োগ কৰাৰ কথা কৈ লাখ লাখ টকা সংগ্ৰহ কৰে। চতুৰ দম্পতীটোৰ প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগীৰ ইতিমধ্যে এক দীঘলীয়া তালিকা উন্মোচিত হৈছে ৷ ইপিনে যোৱা এসপ্তাহে ঘৰ এৰি প্ৰৱঞ্চক দম্পতীয়ে আত্মগোপন কৰাত এতিয়া হতাশত ভুগি এজনৰ পিছত আন এজন ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে ৷ প্ৰৱঞ্চনাৰ বলি হোৱা পৰিয়াল সমূহে উল্লেখ কৰা মতে প্ৰৱঞ্চক কবিতা পালে একো একো জনৰ পৰা এক লাখৰ পৰা পঞ্চাশ লাখ টকা লৈকে ধন সংগ্ৰহ কৰিছে যদিও তেওঁলোকে ধৰিব পৰা নাছিল। কিয়নো ঋণত অনা টকা সময় মতে পৰিয়ালক ঘুৰাই দিছিল আৰু চলনাৰে পুনৰ তেওঁলোকৰ পৰা পূৰ্বতকৈ অধিক টকা লৈ আহিছিল। এনেকি কবিতা আৰু সহদেৱৰ সৈতে কৰা ধনৰ লেনদেন সম্পৰ্কে এজনে আনজনৰ পৰা সম্পূৰ্ণ অজ্ঞাত আছিল। অধিক মুনাফা লাভৰ লালসাত একাংশই সোনৰ গহনা বিক্ৰী কৰি, বন্ধনত লোন লৈ নাইবা আনৰ পৰা ঋণ লৈ হ’লেও কবিতাই বিচৰা ধনৰ যোগান ধৰিছিল বুলি প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালসমূহে। আমাৰ হাতত পৰা তথ্য মতে সুব্ৰত সাহা, পূৰ্ণিমা ৰায়, শেৱালি দাস, কল্পনা সৰকাৰ, পম্পি সুত্ৰধৰ, লক্ষ্মী ৰায়, জয়শ্ৰী ৰায়, মিথু ৰায়, নিলিমা শিল, গৌতম শিল, অনিবালা শিল, ৰাজো বালা ৰায়ৰ লগতে অৰ্ধশতাধীক লোকক প্ৰৱঞ্চনাৰ জালত পেলাই প্ৰায় দুই কোটি টকা লৈ আত্মগোপন কৰিছে কবিতা পাল আৰু সহদেৱ পালে ৷ ইতিমধ্যে একাংশই ঘটনাটো সম্পৰ্কে ব্যক্তিগত ভাৱে গোসাঁইগাঁও আৰক্ষীক অৱগত কৰিছে যদিও বাতৰি লিখা পৰলৈ প্ৰৱঞ্চক দম্পতীটোৰ কোনো সন্ধান লাভ কৰা লাই ৷ আনহাতে ভুক্তভোগীসকলে প্ৰৱঞ্চক দম্পতী কবিতা পাল আৰু সহদেৱ পালৰ সন্ধান বিচাৰি এক লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছে। কোনো সদাশয় ব্যক্তিয়ে প্ৰৱঞ্চক দম্পতীটোলৰ খৱৰ পালে গোসাঁইগাওঁ থানাত নতুবা 6001923181, 9127226774, 8638395876 ফোন নম্বৰত যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে ।

প্ৰেৰক ৰুবুল পাঠক

You might also like