বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। ড্রাগছ আসক্ত পুত্রৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এগৰাকী উচ্চ শিক্ষিত মাতৃয়ে নিশা ঘৰৰ পৰা পলায়ন কৰিবলগীয়া হোৱা ঘটনাই সকলোকে হতচকিত কৰি তুলিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে চানমাৰিৰ ৰেডক্রছ পথৰ বাসিন্দা তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ মালিনী গোস্বামীক ড্রাগছ আসক্ত পুত্র নির্বাণ গোস্বামীয়ে দীর্ঘদিন ধৰি অত্যাচাৰ চলাই আহিছিল৷ ড্রাগছ আসক্ত পুত্রৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কালি ড০ গোস্বামীয়ে নিশা ঘৰৰ পৰা পলায়ন কৰে৷ ড০ গোস্বামীয়ে এই বিষয়ে অসম মহিলা আয়োগক অৱগত কৰাত আয়োগৰ সদস্যই ঘটনা সন্দর্ভত মহানগৰ আৰক্ষীক অৱগত কৰে৷ চানমাৰি আৰক্ষীয়ে ড০ মালিনী গোস্বামীৰ বাসগৃহত উপস্থিত হৈ ড্রাগছ আসক্ত পুত্র নির্বাণ গোস্বামীক আটক কৰি থানালৈ আনে৷ আজি আৰক্ষীয়ে নির্বাণ গোস্বামীক নিচামুক্তি কেন্দ্রলৈ প্রেৰণ কৰে৷ ইফালে কালি নিশাই জালুকবাৰীৰ পৰা সুস্থ অৱস্থাত ড০ মালিনী গোস্বামীক উদ্ধাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ এই ঘটনাই ড্রাগছ আসক্ত সমাজখনৰ ক্ষণভংগুৰ ছবিখনকে উদঙাই দিছে৷ উল্লেখ্য যে ড্রাগছ আসক্ত পুত্রই ড্রাগছ খাবলৈ নেপাই ঘৰ জ্বলাই দিয়া, পিতৃ–মাতৃ, পৰিয়ালৰ লোকক অত্যাচাৰ চলোৱা আদি ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷