নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ক্লডিয়া গোল্ডিনলৈ চলিত বৰ্ষৰ অর্থনীতিৰ নবেল

বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ক্লডিয়া গোল্ডিনলৈ আগবঢ়োৱা হৈছে ২০২৩ বর্ষৰ অর্থনীতিৰ নবেল৷ ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সে আজি এই কথা ঘোষণা কৰে৷ ‘মহিলাৰ শ্রম বজাৰৰ পৰিণামক লৈ চিন্তাৰ উন্নীকৰণ’ৰ সফল গৱেষণাৰ বাবে হার্ভার্ড বিশ্ববিদ্যালয়ৰ অর্থনীতিৰ হেনৰী লী অধ্যাপক অর্থনীতিবিদ ক্লডিয়া গোল্ডিনলৈ ২০২৩ বর্ষৰ অর্থনীতিৰ নবেল বঁটা আগবঢ়োৱা হৈছে৷ ১৯৪৬ চনৰ ১৪ মে’ত আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কত জন্মগ্রহণ কৰা ক্লডিয়া গোল্ডিনে কর্ণেল বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিৰ স্নাতক ডিগ্রী গ্রহণ কৰাৰ পাছত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিত স্নাতকোত্তৰ ডিগ্রীৰ লগতে পিএইচডি লাভ কৰে৷ শিক্ষা সমাপ্ত কৰাৰ পাছতে ক্লডিয়া গোল্ডিনে প্রথমে উইছকনচিন বিশ্ববিদ্যালয়ত অধ্যাপনা, পাছলৈ কিংষ্টন বিশ্ববিদ্যালয় আৰু ১৯৭৯ চনত পেনচিলভিনিয়া বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কার্যনির্বাহ কৰে৷ পৰৱর্তী সময়ত ১৯৯০ চনত হার্ভার্ড বিশ্ববিদ্যালয়ত অর্থনীতি বিভাগত যোগদান কৰে আৰু তেওঁ বিশ্ববিদ্যালয়খনৰ প্রথম মহিলা অধ্যাপক হিচাপে কার্যকাল চলায়৷ আমেৰিকান ইকন’মিক এছ’চিয়েচনৰ অধ্যক্ষা, ইকন’মিক হিষ্টৰী এছ’চিয়েচনৰো অধ্যক্ষা হিচাপে কার্যনির্বাহ কৰা গোল্ডিনে আমেৰিকান একাডেমী অব পলিটিকেল এণ্ড ছ’চিয়েল ছায়েন্স, ছ’চাইটী অব লেবাৰ ইকন’মিক্স, ইকন’মেট্রিক ছ’চাইটী আৰু আমেৰিকান একাডেমী অব আর্টছ এণ্ড ছায়েন্সতো গুৰুত্বপূর্ণ পদবীত কার্যনির্বাহ কৰে৷ বিশ্বৰ কেইবাখনো প্রখ্যাত বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰা গোল্ডিন জার্ণেল অব ইকন’মিক হিষ্ট্রীৰ সম্পাদক হিচাপেও দায়িত্ব নির্বাহ কৰিছিল৷ এনবিইআৰৰ সম্পাদক হিচাপেও ২৭ বছৰ ধৰি দায়িত্বত আছিল৷ বিশ্বৰ কেইবাখনো দেশৰ সন্মানীয় বঁটাৰে বিভূষিত হৈছে ক্লডিয়া গোল্ডিন৷ উল্লেখ্য যে আলফ্রেড নবেলৰ স্মৃতিত অর্থনীতি বিজ্ঞানত প্রৱর্তন কৰা চেৰিগেজ ৰিক্সবেংক প্রাইজ হিচাপে পূর্বতে খ্যাত বঁটাটো অর্থনীতিৰ নবেল বঁটা হিচাপে আগবঢ়োৱা হয়৷ অর্থনীতিৰ নবেলৰ পূর্বে চিকিৎসা বিজ্ঞান, পদার্থ বিজ্ঞান, ৰয়াসন বিজ্ঞান, সাহিত্য আৰু শান্তিৰ নবেল বঁটা আগবঢ়োৱা হৈছে৷

You might also like