নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ সন্মুখত বিশ্বকাপত আজি আফগানিস্তান

বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ বিশ্বকাপৰ প্রথমখন মেচতে শক্তিশালী অষ্ট্রেলিয়াক পৰাজিত কৰাৰ পিছত আজি দ্বিতীয়খন মেচত আত্মবিশ্বাসেৰে আফগানিস্তানৰ বিপক্ষে অৱতীর্ণ হ’ব ভাৰত৷ দেওবাৰে মেচৰ অন্তত অধিনায়ক ৰোহিত শর্মাই কৈছিল যে প্রয়োজন অনুসৰি প্রতিখন মেচতেই পৰিৱর্তন কৰা হ’ব প্রথম একাদশ৷ কিন্তু দ্বিতীয়খন মেচত ভাৰতৰ মূল একাদশৰ পৰিৱর্তন ঘটাৰ সম্ভাৱনা নাই৷ কিয়নো দ্বিতীয়খন মেচতে উইনিং কম্বিনেচন ভাঙিব নিবিচাৰিব প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷ তদুপৰি চেন্নাইৰ দৰে দিল্লীৰ উইকেটো স্পিনাৰৰ সহায়ক বুলি পৰিচিত৷ সেই বাবে আফগানিস্তানৰ বিৰুদ্ধেও তিনিগৰাকী স্পিনাৰ দলভুক্ত কৰিব পাৰে ভাৰতে৷ প্রথমখন মেচত শীর্ষ তিনিগৰাকী বেটাৰ শূন্য ৰানতে আউট হ’লেও বেটিং অর্ডাৰত পৰিৱর্তন ঘটোৱাৰ সম্ভাৱনা কম৷ সেই বাবে অধিনায়ক ৰোহিতৰ সৈতে ঈশান কিশনেই বেটিং মুকলি কৰিব পাৰে৷ তিনি নম্বৰত খেলিব বিৰাট কোহলিয়ে৷ চাৰি নম্বৰত শ্রেয়াছ আয়াৰে ৰান নাপালেও সেই স্থানৰো পৰিৱর্তন হোৱাৰ সম্ভাৱনা নাই৷ পাঁচ নম্বৰত লোকেশ ৰাহুলে খেলাটো নিশ্চিত৷ অধিনায়ক ৰোহিত শর্মাই পাকিস্তানৰ বিপক্ষে খেলিব লগা মেচৰ পূর্বে আফগানিস্তানক পৰাজিত কৰি আত্মবিশ্বাসী হ’ব বিচাৰে৷ ইপিনে, সমগ্র বিশ্বকাপৰ পৰা বাদ পৰিব পাৰে ডেংগিত আক্রান্ত শুভমন গিল৷ কাইলৈ মেচখনৰ পিছতেই এই সম্পর্কে আলোচনা কৰাৰ বাবে নির্বাচকমণ্ডলী মিলিত হ’ব৷ এই বৈঠকতে গিলক সমগ্র বিশ্বকাপ দলৰ পৰা বাদ দি তেওঁৰ স্থানত যশস্বী জয়ছোৱাল অথবা ৰুতুৰাজ গাইকোৱাডক দলভুক্ত কৰিব পাৰে৷

You might also like