নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৈশবাছত যাত্ৰীৰ জীৱনক লৈ ভয়ংকৰ হেতালি

বিশেষ বাৰ্তা, ১১ অক্টোবৰ : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰলৈ গুৱাহাটী মহানগৰীৰ ৰাজ্যখনৰ বিভিন্ন চহৰৰ পৰা অহা নৈশ বাছসমুহৰ একাংশ নৈশ বাছে যাত্ৰীৰ সামগ্ৰীতকৈ অধিক সামগ্ৰী গাড়ীৰ ডিকি বক্সৰ লগতে যাত্ৰীৰ আসনৰ তলতে বহু সামগ্ৰী ভৰাই আনি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। নৈশ বাছত যাত্ৰীৰ সামগ্ৰীতকৈ অধিক সামগ্ৰী কঢ়িওৱা বাছসমুহ পৰিবহন বিভাগে নিৰীক্ষণ কৰি বিভিন্ন সময়ত জৰিমনা কৰিছিল যদিও বৰ্তমান পৰিবহন বিভাগৰ গোপন বুজাবুজিৰে নৈশ বাছসমুহৰ একাংশ বাছে যাত্ৰীৰ সামগ্ৰীৰ উপৰি কেঁচা শাক-পাচলিৰ লগতে তামোল চুপাৰি, লোহা কঢ়িয়াই অনাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অধিক সামগ্ৰী বোজাই কৰি অনাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিগত কিছুদিন পূৰ্বে বৰপেটাৰ পৰা সোণাৰিলৈ অহা নৈশ বাছ এখন অধিক বোজাই কৰি অহা সামগ্ৰীৰ বাবে শিৱসাগৰত দুৰ্ঘটনাত পতিত হৈছিল। একাংশ নৈশ বাছৰ চালক হেণ্ডিমেনে মোটা অংকৰ ধন লৈ এটা দুষ্ট চক্ৰ‌ই সৈতে তামোল অবৈধভাবে সৰবৰাহ কৰি আহিছে। যাত্ৰীৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অধিক বোজাই কৰি অহা নৈশবাছসমুহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে দাবী জনাইছে।
প্ৰেৰক দীপাংকৰ পাল
You might also like