নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ শিক্ষা দানকে জীৱনৰ ব্ৰত হিচাপে লৈ মৃত্যুৰ আগমূহুৰ্তলৈকে শিক্ষকতা কৰা টিংখাঙৰ ৰাজগড়ৰ নিবাসী বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী ধৈৰ্য্য গন্ধিয়া ফুকৰ ৯৪ বছৰ বয়সত আজি পুৱতি নিশা নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি হয়। শতায়ু গৰকিবলৈ মাত্ৰ আৰু কেইটামান বছৰ বাকী থকা প্ৰয়াত ধৈৰ্য্য গন্ধিয়া ফুকনে জীৱনৰ শেষ মূহুত্তলৈকে শিক্ষকতাৰ সৈতে জড়িত হৈ আছিল। ১৯৯৮ চনতেই টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতে পুনৰ ৰাজগড়স্থিত অন্যতম আগশাৰী শিক্ষানুষ্ঠান দ্য নিউ ষ্টাৰ স্কুলৰ অধ্যক্ষ হিচাপে যোগদান কৰি শেষ মূহুত্তলৈকে শিক্ষকতাৰে জীৱন অতিক্ৰম কৰিল। আজীৱন শিক্ষকতাৰে ছাত্র ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱা শিক্ষাবিদ তথা বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত সমগ্ৰ টিংখাতেই শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃতদেহ কৰ্মৰত শিক্ষানুষ্ঠান খনলৈ অনাৰ লগে লগে বিদ্যালয়খনৰ চৌহদত এক শোকাকোল পৰিবেশে বিৰাজ কৰে। বিদ্যালয়খনৰ পিতামহ স্বৰূপ অধ্যক্ষগৰাকীৰ মৃতদেহ বিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী, ছাত্র ছাত্ৰী সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদায় জনায়। ইয়াৰ উপৰি বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, জেষ্ঠ নাগৰিক, ৰাজগড় ৰাজহুৱা নামঘৰ, ৰাজগড় উন্নয়ন মঞ্চ, টিংখাং ইলেকট্ৰনিক মিডিয়া আদিৰ লগতে বিভিন্ন জনে তেখেতৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইফালে ৰাজগড় দ্য নিউ ষ্টাৰ স্কুল কতৃপক্ষ্যই তেওঁৰ মৃত্যুত এজন অভিভাৱক হেৰুৱালো বুলি কয়। কিছুদিনৰ পূৰ্বে পত্নীৰ বিয়োগ হোৱা প্ৰয়াত ধৈৰ্য্য গন্ধিয়া ফুকনে মৃত্যুৰ সময়ত তিনিজন পুত্ৰসহ বোৱাৰী নাতি-নাতিনী আৰু বহু আত্মীয় স্বজনক ইহসংহাৰত এৰি যায়।
প্ৰেৰক কৃষ্ণ গগৈ